বিশেষ বাৰ্তা, ৯ ছেপ্টেম্বৰঃ বজালীৰ ধন দাবী কাণ্ডৰে শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব আৰু ৫ অভিযুক্ত। নাম সাঙোৰ খাইছিল এই ৫ অভিযুক্তৰ। তেওঁলোক ক্ৰমে ছানোৱাৰ হুছেইন, অনন্ত মালাকৰ, প্ৰাঞ্জল পাটৰ,চামছেং ইংলেং আৰু লক্ষ্যধৰ অধিকাৰী। তেওঁলোকক আটক কৰিছিল ডিআইডিয়ে। ছানোৱাৰ হুছেইন ভৱানীপুৰ আৰক্ষী চকীৰ কনিষ্টবল। অনন্ত মালাকৰ পাঠশালা থানাৰ কনিষ্টবল। আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁইৰ ব্যক্তিগত সহায়ক প্ৰাঞ্জল পাটৰ।জেনেৰেল ডায়েৰীৰ পৃষ্ঠা ফালিছিল ছানোৱাৰে। আৰক্ষী অধীক্ষকৰ নিৰ্দেশত ১৪, ১৫, ১৬, ১৭ জুলাইৰ জেনেৰেল ডায়েৰীৰ পৃষ্ঠা ফালিছিল ছানোৱাৰে। অনন্তৰ জৰিয়তে আৰক্ষী অধীক্ষকে ভুৱা জেনেৰেল ডায়েৰী প্ৰস্তুত কৰিছিল। ৰবিউলৰে ধনৰ লেনদেনৰ বাবে প্ৰাঞ্জল পাটৰক জেৰা চিআইডিৰ। গায়ত্ৰী সোণোৱালৰ ভাত ৰান্ধনি চামচিং ইংলেং আৰু অৰ্ডালি লক্ষ্যধৰ অধিকাৰীকো জেৰা অব্যাহত। ৫৪নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আটক কৰিছিল দুয়োকে। ডিফুলৈ পলায়নৰ সময়তে দুয়োকে আটক কৰে হোজাই-নগাঁও আৰক্ষীয়ে। দুয়োৰে লগত উদ্ধাৰ হোৱা কেইবাটাও বেগত ধন থকাৰ সন্দেহ আৰক্ষীৰ। গায়ত্ৰীৰ স্বামী ববি সিং শৰ্মাকে ধৰি কেইবাজনকো স্বাস্থ্য পৰীক্ষাৰ বাবে লৈ যোৱা হৈছে।