কিং কোহলিৰ অনবদ্য মাইলষ্টোন
বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰঃ কলম্বোত চলি আছে ভাৰত আৰু পাকিস্তানৰ মাজত এছিয়া কাপৰ ছুপাৰ-৪ খেল। টছত পৰাস্ত হৈ প্ৰথমে বেটিং কৰিবলৈ অহা টীম ইণ্ডিয়াৰ বেটছমেনে দৰ্শনীয় বেটিং প্ৰদৰ্শন আগবঢ়ায়। ভাৰতৰ হৈ কে এল ৰাহুল আৰু বিৰাট কোহলীয়ে শতক অৰ্জন কৰে। ভাৰতে ৫০ অভাৰত ২ উইকেটত ৩৫৬ ৰান সংগ্ৰহ কৰে। বাবৰ আজম নেতৃত্বাধীন পাকিস্তানক ভাৰতে জয়ৰ লক্ষ্য ৰাখিছে ৩৫৭ ৰান। বিৰাট কোহলিয়ে ৯৪টা বলত অপৰাজিত ১২২ ৰান সংগ্ৰহ কৰে। কে এল ৰাহুলে ১০৬টা বলত ১১১ ৰান সংগ্ৰহ কৰে। বিৰাট কোহলিয়ে এদিনীয়া কেৰিয়াৰত ১৩,০০০ ৰান স্পৰ্শ কৰে। এদিনীয়া কেৰিয়াৰত ১৩ হাজাৰ ৰান সংগ্ৰহ কৰা দ্ৰততম বেটছমেন হিচাপে পৰিগণিত হৈছে বিৰাট কোহলি। পৰিসংখ্যা অনুসৰি বিৰাট কোহলিয়ে ২৭৮খন এদিনীয়া খেলৰ ২৬৭ ইনিংছত ১৩,০২৪ ৰান সংগ্ৰহ কৰিছে। ইয়াতকৈ কম ইনিংছত এদিনীয়া কেৰিয়াৰত ১৩,০০০ ৰানৰ পৰিসংখ্যা আন কোনো বেটছমেনে স্পৰ্শ কৰিব পৰা নাই। এতিয়ালৈকে বিৰাট কোহলিয়ে এদিনীয়া কেৰিয়াৰত ৪৭টা শতক অৰ্জন কৰিছে। ইয়াৰ বাহিৰেও ভাৰতীয় প্রাক্তন অধিনায়কগৰাকীয়ে ৬৫খন মেচত পঞ্চাশ ৰানৰ সীমা অতিক্রম কৰিছে৷