আঘাতৰ পিছত দুৰ্দান্ত প্ৰত্যাৱৰ্তন কে এল ৰাহুলৰ
বিশেষ বাৰ্তা, ১১ ছেপ্টেম্বৰ : এছিয়া কাপ ২০২৩ত কলম্বোৰ আৰ প্ৰেমাদাসা ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত ছুপাৰ-৪ মেচ অনুষ্ঠিত হৈছে। এই মেচত দেখা গ’ল কে এল ৰাহুলৰ দৰশনীয় শতক, যিয়ে দীৰ্ঘদিন পিছত টীম ইণ্ডিয়ালৈ উভতি আহিছিল। এই মেচত ৰাহুলক শ্ৰেয়াছ আয়াৰৰ ঠাইত টীম ইণ্ডিয়াৰ প্লেয়িং ১১ত অন্তৰ্ভুক্ত কৰা হৈছে। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৬সংখ্যক ছিজনৰ সময়ত এখন মেচত ফিল্ডিং কৰি থকা অৱস্থাত উৰুত আঘাত পাইছিল কে এল ৰাহুলে। ইয়াৰ পিছত তেওঁৰ অস্ত্ৰোপচাৰ কৰিবলগীয়া হৈছিল। সকলোৰে দৃষ্টি ৰাহুলৰ ফিটনেছৰ ওপৰত নিবদ্ধ হৈ আছিল কাৰণ আগন্তুক এদিনীয়া বিশ্বকাপ ২০২৩তো তেওঁ টীম ইণ্ডিয়াৰ ঘোষিত তালিকাত স্থান পাইছে। পাকিস্তানৰ বিৰুদ্ধে আজিৰ খেলখনত ৪ নম্বৰ স্থানত বেটিং কৰিবলৈ অহা ৰাহুলে ইনিংছৰ আৰম্ভণিৰে পৰাই আগ্ৰাসী মনোভাৱ গ্ৰহণ কৰি অবিৰতভাৱে শ্বট খেলি থাকিল। কালি বৰষুণৰ বাবে স্থগিত ৰখা খেলখন ৰিজাৰ্ভ দিনত যেতিয়া পুনৰ মেচ আৰম্ভ হয় তেতিয়া ৰাহুলে প্ৰথম ২ৰ পৰা ৩ অভাৰত সাৱধানে বেটিং কৰে আৰু তাৰ পিছত দ্ৰুতগতিত ৰান সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰে। এদিনীয়াত ভাৰতীয় দলটোৰ বাবে আটাইতকৈ ডাঙৰ চিন্তা আছিল ৪ নম্বৰৰ স্থান। এতিয়া কে এল ৰাহুল উভতি অহাৰ পিছত আৰু তেওঁৰ ফৰ্ম দেখাৰ পিছত ভাৰতীয় অধিনায়ক ৰোহিত শৰ্মা আৰু প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ে নিশ্চিতভাৱে সকাহ পাব। বিশ্বকাপৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুলে ৪ নম্বৰ সংখ্যাত টীম ইণ্ডিয়াৰ হৈ মেচ বিজয়ীৰ ভূমিকা পালন কৰিব পাৰে ৰাহুলে। এনে পৰিস্থিতিত এতিয়া তেওঁ উভতি অহাৰ লগে লগে টীম ইণ্ডিয়াৰ মিডল অৰ্ডাৰ পূৰ্বতকৈ শক্তিশালী দেখা গৈছে। বিশ্বকাপত কে এল ৰাহুলক উইকেটকীপাৰ বেটছমেন হিচাপে দেখা যাব।