নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৱশেষত শিৱসাগৰ কাৰাগাৰৰ আলহী শুভলক্ষ্মী

নিয়মীয়া বাৰ্তা,  ১২ ছেপ্টেম্বৰ : লক্ষ্মীমপুৰ জিলাৰ এগৰাকী আদিবাসী সম্প্ৰদায়ৰ দৰিদ্ৰ বনকৰা মহিলাক উতলা গৰম পানীৰে চৰম নিৰ্য্যাতন চলোৱা নাজিৰাৰ কুখ্যাত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্ত অৱশেষত শিৱসাগৰ কাৰাগাৰৰ আলহী হ’ল ৷ তিনিদিনীয়া আৰক্ষীৰ জিম্মাৰ ম্যাদ অন্ত পৰাত আজি আৰক্ষীয়ে নাজিৰা মহকুমা আদালতত হাজিৰ কৰাত আদালতে শুভলক্ষ্মী দত্তক পোনে পোনে কাৰাগাৰলৈ প্ৰেৰণ কৰে ৷ একে সময়তে কিন্তু কাৰাগাৰৰ বাহিৰত গুপ্তহত্যাকাৰীক এৰি শুভলক্ষ্মীয়ে অকলে জেল যাত্ৰা কৰা ঘটনাক ৰাইজে সহজভাৱে ল’ব নোৱাৰাৰ লগতে অসম আৰক্ষীয়ে শুভলক্ষ্মীৰ গুৰুক বাদ দি চলোৱা তদন্তত ৰহস্যৰ গোন্ধ পাইছে ৷ উল্লেখ্য যে আতংক-অহংকাৰী-সন্ত্ৰাসৰ অন্য এক নাম আছিল শুভলক্ষ্মী দত্ত ৷ অপৰাধ দমনৰ পৰিৱৰ্তে নিৰস্ত্ৰ-অসহায়-ক্ষমতাহীনজনৰ ওপৰত দানৱীয় অত্যাচাৰ চলাই অহা শুভলক্ষ্মী দত্তই দৰমহা চৰকাৰৰ পৰা গ্ৰহণ কৰিলেও নিঃস্বাৰ্থ সেৱা আগবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছিল উজনিৰ মষ্ট ৱান্টেড এটা গুপ্তহত্যাকাৰীকহে ৷ ৰহস্যজনক ক্ষমতাৰে বলীয়ান কুখ্যাত গুপ্তঘাতকৰ চৰ্দাৰৰ অ’ এন জি চিৰ কোটিটকীয়া ঠিকা ছিণ্ডিকেট, নাজিৰাৰ বিহুবৰ-নাগিনীমৰাত কয়লা-শিলৰ ছিণ্ডিকেটেৰে কোটিটকীয়া বজাৰ চলাই নাজিৰাৰ ডেৰ বছৰীয়া কাৰ্য্যকালৰ এছ ডি পি অ’ শুভলক্ষ্মী দত্তক মূৰত ধৰিছিল ক্ষমতাই ৷ সাধাৰণ কথাতে দেহৰক্ষী-জোৱানক অকথ্য নিৰ্য্যাতন, ন্যায় বিচাৰি অহা পিতৃসম ব্যক্তিক তই শব্দৰে সম্বোধন কৰা শুভলক্ষ্মী দত্ত হৈ পৰিছিল কাৰ্য্যত: এগৰাকী লেডী ডন ৷ ২০১৯ চনৰ পৰা একাধিক নিৰ্য্যাতন – মাৰধৰৰ ঘটনা পোহৰলৈ অহাৰ পিছতো প্ৰতিবাৰেই গুপ্তঘাতকৰ চৰ্দাৰৰ আশীৰ্বাদত বাছি যোৱা শুভলক্ষ্মীৰ হাতত গুৰুতৰভাৱে প্ৰহৃত হৈছিল অনিমা প্ৰজা নামৰ এগৰাকী বনকৰা মহিলা ৷ চলিত বৰ্ষৰ ১৮ এপ্ৰিলৰ দিনা লক্ষ্মীমপুৰৰ পৰা নাজিৰালৈ অনা এইগৰাকী আদিবাসী বনকৰা মহিলাক শুভলক্ষ্মী দত্তই উক্ত দিনাৰ পৰাই চলাইছিল অকথ্য নিৰ্য্যাতন ৷ পৰৱৰ্তী সময়ত স্থানীয় আদিবাসী সংগঠনসমূহৰ সহযোগত গুৰুতৰভাৱে আহত অনিমা প্ৰজাই দাখিল কৰিছিল এখন এজাহাৰ ৷ নাজিৰা আৰক্ষীয়ে চূড়ান্ত মইমতালিৰে ৩৬/ ২০২৩ নম্বৰৰ গোচৰটোৰ ভিত্তিত ৩২৪/৩৪২ নম্বৰৰ দুটা ধাৰা লগাই শুভলক্ষ্মীৰ সুৰক্ষাৰ পথ সুগম কৰি তুলিছিল ৷ কিন্তু আদিবাসী সংগঠনসমূহৰ উত্তাল প্ৰতিবাদ আৰু অসম আৰক্ষীৰ সঞ্চালকপ্ৰধান জি পি সিঙৰ কঠোৰ স্থিতিত শুভলক্ষ্মী দত্তক হেড কোৱাৰ্টাৰ ক্লজ, নিলম্বন আৰু পৰৱৰ্তী সময়ত নাজিৰা চেপ্টাৰ ইজ ক্লজ শীৰ্ষক টুইটৰ পিছতেই শুভলক্ষ্মীৰ অনিচ্ছাকৃত আত্মসমৰ্পণ আৰু ৩২৬/ ৩০৭ নম্বৰৰ দুটাকৈ নতুন ধাৰা সংযোজনেৰে গ্ৰেপ্তাৰ কৰা হয় নিলম্বিত আৰক্ষী বিষয়া শুভলক্ষ্মী দত্তক ৷ ইতিমধ্যে নিৰাপত্তাজনিত কাৰণত নাজিৰাৰ পৰিৱৰ্তে শিৱসাগৰ সদৰ থানাৰ তিনিদিনীয়া লকআপৰ আলহী হোৱা শুভলক্ষ্মীয়ে উক্ত তিনিটা দিনত এৰা নাছিল উদ্ভণ্ডালি ৷ কালি অন্তিম নিশাও চূড়ান্ত অভব্য আচৰণেৰে পাৰ কৰা শুভলক্ষ্মীয়ে অতি পৰিকল্পিতভাৱে আহাৰ গ্ৰহণৰ পৰা বিৰত থাকি নিত্য নতুন নাটকেৰে চিকিৎসালয়ত ভৰ্তি হোৱাৰ চেষ্টা চলাইছিল যদিও ব্যৰ্থ হয় ৷ অৱশেষত কালি দিনৰ ভাগত নাজিৰাস্থিত চৰকাৰী আৱাসৰ পৰা জব্দ কৰি অনা নিৰ্য্যাতনত ব্যৱহৃত বেলনা মাৰি, বাল্টি, মগ, তিনিখনকৈ চকীৰ সৈতে মুখ বন্ধা শুভলক্ষ্মীক কটকটীয়া নিৰাপত্তাৰ মাজেৰে হাজিৰ কৰা হয় নাজিৰা মহকুমা আদালতত ৷ অৱশেষত বিয়লি শিৱসাগৰ সদৰ থানাৰ পৰা অনুৰূপ নিৰাপত্তা বেষ্টনীৰ মাজেৰে শিৱসাগৰ অসামৰিক চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ অন্তত হাজিৰ কৰা হয় আদালতত ৷ আদালতে অভিযুক্ত পক্ষৰ অধিবক্তাই দাখিল কৰা জামিন আবেদন নাকচ কৰি শুভলক্ষ্মী দত্তক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰে ৷ অহা ২২ তাৰিখে পুনৰ শুভলক্ষ্মী দত্তক নাজিৰা মহকুমা আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ জাৰি কৰে ৷ ইফালে, শুভলক্ষ্মী দত্তৰ সকলো দুস্কাৰ্য্যৰ অন্যতম সহযোগী তথা শুভলক্ষ্মী দত্তক পলায়নৰ সময়ত আশ্ৰয় প্ৰদান কৰা, সঘন যোগাযোগেৰে তদন্তত বিধি-পথালি দি অহা গুপ্তহত্যাৰ চৰ্দাৰক কিন্তু আৰক্ষীয়ে গ্ৰেপ্তাৰ নকৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ বিশেষকৈ গুপ্তহত্যাকাৰীৰ চৰ্দাৰৰ ঘৰত অনিমা প্ৰজাৰ ১২ বছৰীয়া নাবালক শিশুটিক শ্ৰমিক হিচাপে ব্যৱহাৰ কৰাৰ স্পষ্ট প্ৰমাণ লাভ কৰাৰ পিছতো কিয় শিৱসাগৰ আৰক্ষী-জিলা শ্ৰম আয়ুক্তৰ কাৰ্য্যালয় নিমাত, তাক লৈও প্ৰশ্ন উত্থাপন হৈছে ৷ তদুপৰি দুৰ্ভগীয়া অনিমা প্ৰজাক ভুৱা পৰিচয়েৰে নিজৰ জিম্মাত মাজনিশা ডিব্ৰুগড়লৈ নিয়া ষড়যন্ত্ৰৰ মূল অংশীদাৰ প্ৰকাশ দুৱৰীক কিয় তদন্তৰ আওতালৈ অনা নহ’ল ৷ সেয়ে এতিয়া শিৱসাগৰ আৰক্ষীয়ে গুপ্তঘাতকৰ চৰ্দাৰলৈ দেখুওৱা দৰদে তীব্ৰ প্ৰতিক্ৰিয়াৰো সৃষ্টি কৰিছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান

You might also like