নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘লাচিত, দ্য ৱাৰিয়ৰ’লৈ শ্রেষ্ঠ এনিমেচন ছবিৰ সন্মান 

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : অসমীয়া চলচ্চিত্র জগতৰ বাবে সুখবৰ৷ সপ্তমসংখ্যক চম্বল আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ এনিমেচন ছবিৰ সন্মান লাভ কৰিছে অসমৰ ‘লাচিত, দ্য ৱাৰিয়ৰ’–এ৷ মহান অসমীয়া সেনানায়ক লাচিত বৰফুকনৰ জীৱন আৰু কর্মৰাজিৰ আধাৰত নির্মিত জীৱনীভিত্তিক চুটি ছবি ‘লাচিত, দ্য ৱাৰিয়ৰ’–এ সন্মানীয় আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ এনিমেচন ছবিৰ বঁটা লাভ কৰিছে৷ শ্রেষ্ঠ এনিমেচন ছবিৰ বঁটা লাভ কৰা ‘লাচিত, দ্য ৱাৰিয়ৰ’ৰ পৰিচালক হৈছে পার্থসাৰথি মহন্ত৷ প্রযোজনা মীনা মহন্ত আৰু ইন্দ্রাণী বৰুৱাৰ৷ ছবিখনৰ বিৱৰণত কণ্ঠ নিগৰাইছে ড০ অমৰজ্যোতি চৌধুৰীয়ে৷ উল্লেখ্য যে যোৱা ৯ ছেপ্টেম্বৰৰ পৰা ১০ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা এই আন্তর্জাতিক মহোৎসৱত ভাৰত, টাইৱান, আমেৰিকা যুক্তৰাষ্ট্র, গ্রেট ব্রিটেইন, ইজিপ্ত, অষ্ট্রেলিয়া, ইৰান, স্পেইন, পর্তুগাল, ছার্বিয়া আৰু তুৰস্ককে ধৰি ৩২খন দেশৰ ১৮৪খন ছবি বিভিন্ন শিতানত প্রদর্শিত হয়৷

You might also like