নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

প্ৰাপ্যৰ দাবীত চামগুৰিৰ চাহ বাগিচাত শ্ৰমিকৰ তীব্ৰ প্ৰতিবাদ

নিয়মীয়া বাৰ্তা,  ১২ ছেপ্টেম্বৰ : চাহ শ্ৰমিকৰ বিভিন্ন সমস্যা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰে সমাধান নকৰাৰ প্ৰতিবাদত আজি নগাঁও জিলাৰ চামগুৰিৰ ৰঙাগড়া আৰু আমলখি চাহ বাগিচাত চাহ শ্ৰমিকসকলে পৃথকে পৃথকে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। অসম চাহ মজদুৰ সংঘৰ সদস্য তথা চাহ শ্ৰমিকসকলে চামগুৰিৰ ৰঙাগড়া আৰু আমলখি চাহ বাগিচাত আজি পৃথকে পৃথকে বকেয়া ধনৰ লগতে ন্যায্য প্ৰাপ্যৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে ৷ আমলখি আৰু ৰঙাগড়া চাহ বাগিচা কৰ্তৃপক্ষৰ লগতে বিজেপি নেতৃতাধীন চৰকাৰখনে চাহ শ্ৰমিকসকলক বিভিন্ন ন্যায্য প্ৰাপ্যৰ পৰা বঞ্চিত কৰি আহিছে বুলি অভিযোগ কৰে প্ৰতিবাদকাৰী চাহ শ্ৰমিক সকলে৷ বৰ্তমানৰ ৰাজ্য চৰকাৰখনৰ লগতে বাগিচা কৰ্তৃপক্ষই চাহ শ্ৰমিকসকলৰ বকেয়া ধন নিৰ্দিষ্ট সময়ত প্ৰদান নকৰাৰ প্ৰতিবাদত আজি আমলখি আৰু ৰঙাগড়া চাহ বাগিচাত চাহ শ্ৰমিকসকলে পৃথকে প্ৰতিবাদী সমদল উলিয়ায়। প্ৰতিবাদকাৰীসকলে বিজেপি চৰকাৰ গ’ বেক, শ্ৰম মন্ত্ৰী গ’ বেক, অসম চাহ নিগম আৰু বাগিচা কৰ্তৃপক্ষ মুৰ্দাবাদ আদি শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ অসম চাহ নিগমৰ অধীনৰ আমলখি আৰু ৰঙাগড়া চাহ বাগিচা দুখন লীজত দিছিল বোকাহোলা কোম্পানীক৷ চাহ শ্ৰমিকসকলৰ পাব লগা বকেয়া ধনখিনি ৰাজ্য চৰকাৰৰ লগতে কোম্পানীৰ কৰ্তৃপক্ষই আগষ্ট মাহত আদায় দিব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বৰ্তমানলৈকে চাহ শ্ৰমিকসকলৰ পাব লগা ধন ৰাজ্য চৰকাৰৰ লগতে কোম্পানীৰ কৰ্তৃপক্ষই দিয়া নাই বুলি প্ৰতিবাদকাৰী চাহ শ্ৰমিকসকলে অভিযোগ কৰে৷ চাহ শ্ৰমিকসকলে পাব লগা ধন শীঘ্ৰে আদায় নিদিলে পুনৰ আন্দোলন তীব্ৰতৰ কৰি তুলিব বুলিও প্ৰতিবাদকাৰীসকলে হুংকাৰ প্ৰদান কৰে। আনহাতে, মুখ্যমন্ত্ৰীগৰাকীয়ে চাহ শ্ৰমিকসকলক প্ৰতিশ্ৰুতি দিয়া ধৰণে সম্পূৰ্ণ বকেয়া ধন প্ৰদান নকৰিলে আগন্তুক লোকসভা নিৰ্বাচনত চাহ বাগিচা অধ্যুষিত অঞ্চলত বিজেপি দলৰ নেতাৰ প্ৰৱেশ নিষিদ্ধ কৰাৰ হুংকাৰ প্ৰদান কৰাৰ লগতে ভোট বৰ্জন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদী চাহ শ্ৰমিকসকলে ৷

প্ৰেৰক প্ৰমোদ শৰ্মা

You might also like