নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পৰিত্যক্ত কাগজ বিক্রীৰে ৬০০ কোটি উপার্জন কেন্দ্ৰৰ

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ চৰকাৰী কার্যালয়ৰ ‘আৱর্জনা’ বিক্রী কৰি প্রায় ৬০০ কোটি টকা উপার্জন কৰিছে কেন্দ্রৰ নৰেন্দ্র মোদী চৰকাৰে৷ পৰিত্যক্ত কাগজ–পত্র, ফাইল, পৰি থকা যান–বাহন ইত্যাদি এই বিক্রীৰ তালিকাত আছে৷ কিছুদিন পূর্বে ভাৰতে চন্দ্রলৈ মহাকাশযান প্রেৰণ কৰিছে৷ মহাকাশ গৱেষণা সংস্থা ইছৰোৱে সদৰী কৰা অনুসৰি এই যান প্রেৰণৰ নামত খৰচ হৈছে ৬০০ কোটি টকা৷ অর্থাৎ চন্দ্রযান–৩ অভিযানত খৰচ হোৱা ধনৰ সমপৰিমাণ টকা বাতিল হোৱা কাগজ–পত্র, গাড়ী–মটৰ বিক্রী কৰি উপার্জন কৰিছে কেন্দ্রীয় চৰকাৰে৷ যোৱা আগষ্ট মাহলৈ চৰকাৰে উপার্জন কৰিছে প্রায় ৬০০ কোটি টকা৷ আগন্তুক অক্টোবৰ মাহৰ ভিতৰত এনেধৰণৰ উপার্জনৰ পৰিমাণে এহেজাৰ কোটি টকা অতিক্রম কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে৷ প্রশাসনিক দপ্তৰসমূহত চাফাই অভিযান আৰম্ভ কৰিছে কেন্দ্রীয় চৰকাৰে৷ আগন্তুক ২ অক্টোবৰৰ পৰা ৩১ অক্টোবৰলৈ পুনৰ এই অভিযান চলিব৷ ইয়াৰ মূল লক্ষ্য হৈছে পৰিচ্ছন্নতা৷ প্রশাসনত দীর্ঘদিন বন্ধ হৈ পৰি থকা কামৰ চাপ কমাবলৈও এই অভিযান আৰম্ভ কৰা হৈছে৷ বিগত বছৰৰ অক্টোবৰ মাহত অনুৰূপ অভিযান চলাইছিল কেন্দ্রীয় চৰকাৰে৷ যোৱা বছৰ বাতিল হোৱা কাগজ–পত্র, গাড়ী আদি বিক্রী কৰি ৩০০ কোটি টকা উপার্জন কৰিছিল চৰকাৰে৷ আগন্তুক অক্টোবৰত এনে অভিযানেৰে ৪০০ কোটি টকা উপার্জনৰ লক্ষ্য লোৱা হৈছে৷

You might also like