নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে সৰ্বদলীয় বৈঠক

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ সংসদৰ বিশেষ অধিৱেশনৰ পূৰ্বে কেন্দ্ৰীয় সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে ১৭ ছেপ্টেম্বৰত সৰ্বদলীয় বৈঠক আহ্বান কৰিছে। সংবাদ সংস্থা এএনআইৰ সূত্ৰই এই তথ্য প্ৰদান কৰিছে। ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ চলিব এই বিশেষ অধিবেশন। বিশেষ অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত সৰ্বদলীয় বৈঠকত আলোচনা হোৱাৰ সম্ভাৱনা আছে। সংসদৰ বিশেষ অধিৱেশন সন্দৰ্ভত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ঘৰতো এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হৈছে। এই বৈঠকত বিশেষ অধিবেশনত কাৰ্যসূচী সন্দৰ্ভত আলোচনা হ’ব পাৰে। এই বৈঠকত গৃহমন্ত্ৰী অমিত শ্বাহ, অনুৰাগ ঠাকুৰ, অশ্বিনী বৈষ্ণৱকে ধৰি সকলো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত আছিল। সূত্ৰ অনুসৰি সংসদৰ পুৰণি ভৱনত আৰম্ভ হ’ব এই বিশেষ অধিৱেশন আৰু ১৯ ছেপ্টেম্বৰত নতুন ভৱনত হব অধিৱেশন। নতুন সংসদ ভৱনত এইটোৱেই হ’ব প্ৰথম অধিৱেশন। ২৮ মে’ত এই নতুন ভৱনটো উদ্বোধন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। বিশেষ অধিৱেশনৰ কাৰ্যসূচী সন্দৰ্ভত তথ্যৰ অভাৱত কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে চৰকাৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে।

You might also like