নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈ নিৰ্বাচনমুখী মধ্যপ্ৰদেশ-ছত্তিশগড় ভ্ৰমণলৈ মোদী

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰঃ কাইলৈ মধ্যপ্ৰদেশ আৰু ছত্তিশগড় ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। এই সময়ছোৱাত তেওঁ দুয়োখন নিৰ্বাচনী ৰাজ্যতে ৫৭ হাজাৰ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। আজি প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে মধ্যপ্ৰদেশত মোদীয়ে বিনা শোধনাগাৰৰ পেট্ৰ’কেমিকেল কমপ্লেক্স আৰু সমগ্ৰ দেশতে ১০টা নতুন উদ্যোগিক প্ৰকল্পকে ধৰি ৫০,৭০০ কোটিৰো অধিক মূল্যৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব ৰাজ্যখনত। একে সময়তে ছত্তিশগড়ত তেওঁ ৰে’ল খণ্ডৰ কিছুমান গুৰুত্বপূৰ্ণ প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰিব। নিৰ্বাচনী ৰাজ্যলৈ প্ৰধানমন্ত্ৰী মোদীৰ উপহাৰ প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ বিনা শোধনাগাৰত ভাৰত পেট্ৰলিয়াম কৰ্প’ৰেশ্যন লিমিটেডৰ পেট্ৰ’কেমিকেল কমপ্লেক্স, নৰ্মদাপুৰমৰ ‘পাৱাৰ এণ্ড ৰিনিউৱেবল এনাৰ্জি মেনুফেকচাৰিং জ’ন’ আৰু ৰাটলামত মেগা ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ আধাৰশিলা স্থাপন কৰিব বুলি কয়। পিএমঅ’ৰ তথ্য অনুসৰি প্ৰধানমন্ত্ৰীয়ে ইন্দোৰত দুখন আইটি পাৰ্ক আৰু সমগ্ৰ ৰাজ্যতে ছখন নতুন উদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰিব। ইয়াৰ পিছত তেওঁ ৰায়গড়, ছত্তিশগড়লৈ ৰাওনা হ’ব। প্ৰধানমন্ত্ৰীয়ে ছত্তিশগড়ত প্ৰায় ৬,৩৫০ কোটি টকাৰ কেইবাটাও গুৰুত্বপূৰ্ণ ৰে’ল প্ৰকল্প দেশৰ বাবে উৎসৰ্গা কৰিব। মোদীয়ে ছত্তিশগড়ৰ ৯খন জিলাত ‘ক্ৰিটিকেল কেয়াৰ ব্লক’ৰ আধাৰশিলা স্থাপন কৰাৰ লগতে এক লাখ ছিকেল চেল কাউন্সেলিং কাৰ্ড বিতৰণ কৰিব। আজি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ বৈঠক অনুষ্ঠিত হব। চলিত বৰ্ষৰ শেষৰ ফালে মধ্যপ্ৰদেশ আৰু ছত্তিশগড়ত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। মধ্যপ্ৰদেশত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰক বচাবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। একে সময়তে ছত্তিশগড়ত ইয়াৰ প্ৰচেষ্টা হ’ব কংগ্ৰেছক ক্ষমতাৰ পৰা আঁতৰাই পুনৰ নিজা চৰকাৰ গঠন কৰা। ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচন আৰু চলিত বৰ্ষত বহু ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ কথা মনত ৰাখি আজি বিজেপিৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ’ব। এই সভা সন্ধিয়াৰ ভাগত অনুষ্ঠিত হ’ব। পিটিআইৰ তথ্য অনুসৰি বিজেপিৰ নিৰ্বাচনী সমিতিৰ বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহ, দলৰ মুৰব্বী জেপি নাড্ডা, কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংকে ধৰি অন্যান্য জ্যেষ্ঠ নেতাসকলে অংশগ্ৰহণ কৰিব।

You might also like