নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মৈৰাবাৰীত ৮৪ বস্তা নিষিদ্ধ বাৰ্মিজ চুপাৰি জব্দ 

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : যোৱা বুধবাৰে মৈৰাবাৰী আৰক্ষীৰ কবলত পৰা ট্ৰাকচালক মোস্তফা আহমেদৰ স্বীকাৰোক্তিৰ ভিত্তিত যোৱানিশা মৈৰাবাৰী আৰক্ষীয়ে থানাখনৰ এলেকাধীন দুৰাবান্ধি গাঁৱত নজৰুল ইছলাম নামৰ লোকজনৰ ঘৰত তালাচী চলাই নিষিদ্ধ ৮৪ বস্তা বাৰ্মিজ চুপাৰি জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীৰ দলটোৱে বাৰ্মিজ চুপাৰিৰ চোৰাং ব্যৱসায়ৰ অভিযোগত ঘৰখনৰ পৰা নজৰুল ইছলামক আটক কৰি সম্প্ৰতি মৈৰাবাৰী আৰক্ষীৰ জিম্মাত ৰাখিছে। উল্লেখ্য যে বুধবাৰে মৈৰাবাৰী আৰক্ষীয়ে মোস্তফা আহমেদৰ লগতে বাৰ্মিজ চুপাৰি কঢ়িয়াই অনা ট্ৰাক এখনো জব্দ কৰিছিল।

প্ৰেৰক তাৰিকুল ইছলাম

You might also like