নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুলীয়াজানত ট্ৰেন্সফৰ্মাৰ চুৰিৰ অভিযোগত তিনি যুৱকক জে’ললৈ

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰ : দুলীয়াজান টিপলিং চাহ বাগিচাৰ পৰা ট্ৰেন্সফৰ্মাৰ চুৰিৰ অভিযোগত তিনি যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি কালি জেল হাজোতলৈ প্ৰেৰণ কৰে। আৰক্ষীৰ সূত্ৰ অনুসৰি, আটকাধীন তিনি অভিযুক্ত হৈছে টিপলিং নৱজ্যোতি গাঁৱৰ ৰাজা গোৱালা (২৪), সুমন দাস (২১) আৰু টিপলিং নলিনী পথাৰৰ ৰহন দাস (২০) । প্ৰাপ্ত খবৰ অনুসৰি, অভিযুক্তকেইজনে ঘটনাৰ নিশা ট্ৰেন্সফৰ্মাৰ কাটি এখন ই-ৰিক্সাত কঢ়িয়াই নিয়াৰ যো-জা চলাওঁতে দুলীয়াজান থানাৰ পৰিদৰ্শক বিষয়া ভাস্কৰ শইকীয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৰ হাতত ধৰা পৰে। ইতিমধ্যে ই-ৰিক্সাখনো দুলীয়াজান আৰক্ষীয়ে জব্দ কৰিছে। এই চুৰিৰ ঘটনা সংক্ৰান্তত টিপলিং চাহ বাগিচাৰ কৰ্তৃপক্ষই দুলীয়াজান আৰক্ষী থানাত অভিযোগ দাখিল কৰে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তিনি অভিযুক্তক গ্ৰেপ্তাৰ কৰি দুলীয়াজান থানাৰ ২২১/২৩ নম্বৰত এক গোচৰ ৰুজু কৰি ৩৭৯/৪১১ আই পি চি, আৰ/ডব্লিউ চেকচন ৩ পিডিপিপি আইনৰ অধীনত ধৃত অভিযুক্তক ডিব্ৰুগড় জেল হাজোতলৈ প্ৰেৰণ কৰে।

 

প্ৰেৰক কৃষ্ণা গগৈ

You might also like