নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত ৰে’লৰ খুন্দাত যুৱকৰ প্ৰাণহানি

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ধেমাজি জিলাৰ জোনাই মহকুমাৰ অন্তৰ্গত নাহৰ জুনত পুৱা সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। জানিব পৰা মতে, কামাখ্যাৰ পৰা মুৰ্কংচেলেক অভিমুখে আহি থকা যাত্রীবাহী ৰে’লৰ খুন্দাত থিতাতে এজন যুৱকৰ মৃত্যু হয় । মৃত যুৱকজন নাহৰজুন গাঁৱৰে নিৱাসী যোগা দলেৰ পুত্র কাশীনাথ দলে (৩৬) বুলি জানিব পৰা গৈছে। ইয়াৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয় । উল্লেখ্য যে মৃত যুৱক কাশীনাথ দলে বহুদিনৰ পৰা মানসিক ৰোগত ভুগি আছিল বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।
প্ৰেৰক কৰবী দলে
You might also like