নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২১ ৰ নিৰ্বাচনত বিজেপিৰে মিত্ৰতা অব্যাহত থাকিব অসম গণ পৰিষদৰ

নিয়মীয়া বাৰ্তা, ১৭ ফেব্ৰুৱাৰীঃ “বিজেপিৰ সৈতে মিত্ৰতাত আছো আৰু থাকিম । অসম গণ পৰিষদে ৮৪ খন আসনত নিৰ্বাচন খেলাৰো অভিজ্ঞতা আছে ।”- সোমবাৰে আমবাৰীত অগপৰ  কাৰ্যালয়ত যুৱ আৰু মহিলা পৰিষদৰ বৈঠকত এই মন্তব্য কৰে অতুল বৰাই ।

সংবাদ মাধ্যমৰে হোৱা বাৰ্তালাপত বৰাই লগতে কয় যে আসনক লৈ এতিয়াও বিজেপিৰে আলোচনা হোৱা নাই ।

ইফালে প্ৰতিটো সমষ্টিতে অগপৰ নিষ্ঠাবান কৰ্মী আছে বুলি উল্লেখ কৰি তেওঁলোকক লৈয়ে ২০২১ ৰ নিৰ্বাচনলৈ আগবাঢ়িব বুলি মন্তব্য কৰে সভাপতি অতুল বৰাই ।

You might also like