নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীয়ে প্ৰেমিকৰে মিলি হত্যা কৰিলে স্বামীক

🔹 জাগীৰোডত পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি

নিয়মীয়া বাৰ্তা, ১৪ ছেপ্টেম্বৰ : জাগীৰোডৰ শিলভঙাত বুধবাৰে নিশা এক চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হয় । বিৱৰণী মতে, পৰকীয়া প্ৰেমৰ বাবেই এই জঘন্য ঘটনাৰ বলি হ’ল আচাদুৰ ৰহমান নামৰ লোকজন । আচাদুৰ ৰহমানৰ পত্নীয়ে দীৰ্ঘদিন ধৰি ছফিকুল ইছলাম নামৰ লোক এজনৰ সৈতে অবৈধ সম্পৰ্ক ৰক্ষা কৰি আহিছিল। আৰক্ষীয়ে জনোৱা অনুসৰি বুধবাৰে দিনৰ ভাগতে সহযোগী গাড়ী চালক ৰন্টু বৰদলৈৰ সৈতে অভিযুক্ত ছফিকুলে মহিলাগৰাকীৰ স্বামী আচাদুৰ ৰহমানক লগত লৈ এখন চাৰিচকীয়া বাহনেৰে ঘূৰাই লৈ মদ্যপান কৰাই নিশাৰ ভাগত সংঘটিত কৰে এই জঘন্য হত্যাকাণ্ড। আনহাতে, হত্যাকাৰীয়ে এই সমগ্ৰ ঘটনাটো দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰি ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে পেলাই থৈ যায় মৃতদেহ । স্থানীয় লোকে মৃতদেহটো প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে আৰু নিশাই জাগীৰোড আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাত পোহৰলৈ আহে সমগ্ৰ ঘটনা । ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে প্ৰেমিক ছফিকুল ইছলাম, সহযোগী ৰন্টু বৰদলৈ আৰু মৃত আচাদুৰ ৰহমানৰ পত্নী ফিৰোজা খাতুনক । আজি পুৱাই মৰিগাঁও আৰক্ষীৰ অপৰাধ শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যই হত্যাকাণ্ডস্থলীত উপস্থিত হৈ চৰজমিন তদন্ত কৰাৰ লগতে হত্যাকাণ্ডৰ সবিশেষ সদৰী কৰে ।

প্ৰেৰক হৰি প্ৰসাদ মল্লিক

You might also like