নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিলাক লৈ বজালীত ক্ষোভৰ জুই

🔹 পাঠশালাত বিশাল ৰাজহুৱা সভা
🔹 ২০ ছেপ্টেম্বৰত বজালী বন্ধ ঘোষণা

নিয়মীয়া বাৰ্তা,  ১৪ ছেপ্টেম্বৰ : জিলাক লৈ বজালীত মাথোঁ এতিয়া ক্ষোভৰ জুই৷ ৰাজ্য চৰকাৰে ল’ৰা-ধেমালিৰে বজালীক জিলা দিয়া-নিয়া-দিয়া-নিয়াৰ খেল খেলি যি অস্থিৰতা প্ৰদৰ্শন কৰিছে, তাক লৈ পৰহি নিশাৰ পৰা চৰকাৰৰ বঞ্চনাৰ বিৰুদ্ধে ক্ষোভৰ জুইত জ্বলিছে সমগ্ৰ বজালী অঞ্চল। যোৱা দুদিনৰ তীব্ৰ প্ৰতিবাদৰ পিছতে বজালী জিলা প্ৰশাসনীয় কাম-কাজ শীঘ্ৰেই আৰম্ভ কৰাৰ দাবীত আজি পাঠশালাৰ হৰিমন্দিৰত অনুষ্ঠিত ৰাজহুৱা সভাত চৰকাৰৰ স্থিতিহীন সিদ্ধান্তত সৰৱ হৈ উঠে সৰ্বস্তৰৰ ৰাইজ৷ এক বৃহত্তৰ অঞ্চলৰ ৰাইজৰ আশা-আকাংক্ষাক জ্লাঞ্জলি দি ৰাজ্য চৰকাৰে নিজৰ ৰাজনৈতিক উদ্দেশ্য পূৰণৰ বাবে বজালীৰ ৰাইজৰ লগত কৰা ল’ৰা-ধেমালি  কেতিয়াও গ্ৰহণযোগ্য নহয় বুলি ৰাজ্য চৰকাৰক সকীয়াই দিয়ে যে চৰকাৰৰ এই সিদ্ধান্ত সলনি নকৰিলে ইয়াৰ পৰিণতি ভয়াৱহ হব৷ দুই-তিনিবাৰ ৰাইজক ললীপপ দি মিথ্যাচাৰৰ চৰম সীমা অতিক্ৰম কৰা বুলি আজি তীব্ৰ বাক্যবাণেৰে থকা-সৰকা কৰিলে পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক বিশাল ৰাজহুৱা সভাত৷ চৰকাৰৰ টোঘলকী নীতিক ক্ষুৰধাৰ সমলোচনা কৰি আজি পাঠশালাৰ সভাত পূৰ্বৰ বজালী মহকুমাৰ লগতে হাতে হাতে প্লে-কাৰ্ড লৈ ওলাই আহিল সৰভোগ, বৰনগৰ আদি অঞ্চলৰ কেইবাশ লোক। উল্লেখ্য যে ২০১৯ চনত বজালীত জোৰদাৰ ৰূপত প্ৰতিফলিত হোৱা “কা” আন্দোলনৰ সময়ছোৱাত তদানীন্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰখনে বজালী মহকুমাক বজালী জিলা ৰূপে ঘোষণা কৰিছিল। তাৰ পিছৰ পৰ্যায়ত জিলাখনত জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষকৰ লগতে জিলা পৰ্যায়ৰ কেইবাগৰাকীও বিষয়াক নিযুক্তি প্ৰদান কৰি ২০২০ চনত জিলাৰ সকলো কাম-কাজ আৰম্ভ কৰা হৈছিল যদিও ২০২২ চনত সমষ্টি পুনৰ নিৰ্ধাৰণৰ কথা দোহাই দি বজালী জিলা কৰ্তন কৰিছিল৷ বিভিন্ন কাৰিকৰী অসুবিধাৰ কথা উল্লেখ কৰি বজালীবাসীক পুনৰ জিলাৰ মৰ্যাদা প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি আগবঢ়াইছিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ লগতে মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে । সেই অনুযায়ী ২০২৩ চনত পুনৰ বজালীক জিলা ৰূপে ঘোষণা কৰে অসম চৰকাৰে। ইয়াৰ পিছত পুনৰ যোৱা ১২ ছেপ্তেম্বৰত বজালী জিলাক উপ-জিলালৈ অৱনমিত কৰি চৰকাৰী নিৰ্দেশনা প্ৰকাশ পোৱাৰ পিছতেই জাঙুৰ খাই উঠে বজালীবাসী। চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে সেইদিনা নিশাৰ পৰাই প্ৰতিবাদত নামি পৰে বজালী জিলাৰ জনসাধাৰণ৷ কালি কেইবাশ লোকে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ পিছতে আজি পাঠশালাৰ হৰিমন্দিৰ প্ৰাংগণত অনুষ্ঠিত হয় এখন বিশাল ৰাজহুৱা সভা৷ বজালী জিলা সুৰক্ষা সমিতিৰ আহ্বানত অনুষ্ঠিত এই প্ৰতিবাদী ৰাজহুৱা সভাত সভাপতিত্ব কৰে বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰীধৰ চৌধুৰীয়ে৷ সমিতিৰ যুটীয়া সম্পাদক সমুদ্ৰ পাটগিৰীয়ে আঁত ধৰা আৰু বিজন বায়নে উদ্দেশ্য ব্যাখ্যা কৰা সভাৰ মঞ্চত এফালে ৰাইজ আৰু আনফালে বিভিন্ন সত্ৰৰ পৰা অহা সত্ৰাধিকাৰ প্ৰভুসকলে আসন গ্ৰহণ কৰে৷ সভাত বিশিষ্ট শিক্ষাবিদ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক মৃদুল তালুকদাৰ, ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নেতা হিমাংশু শৰ্মা, অগপ নেতা ধৰ্মেশ্বৰ ৰয়, সমাজকৰ্মী ফণী পাঠক, সোণেশ্বৰ কলিতা, কুশল ৰয়কে ধৰি বিভিন্নজনে নিজৰ ভাষণত বজালী জিলা এসপ্তাহৰ ভিতৰত গঠন নকৰিলে ভয়াৱহ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে। বজালীৰ প্ৰায়বোৰ সত্ৰৰ সত্ৰাধিকাৰ প্ৰভুসকল উপস্থিত থকা সভাত জিলাখনৰ শাসক-বিৰোধী সকলো দল-সংগঠন, অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াই একমুখে চৰকাৰৰ লগতে মন্ত্ৰী ৰঞ্জিত দাস, বিধায়ক ফণীধৰ তালুকদাৰক ধিক্কাৰ আৰু গৰিহণা দিয়ে৷ বজালীৰ শাসক-বিৰোধী সকলো দল-সংগঠন, অনুষ্ঠান প্ৰতিষ্ঠানৰ বিষয়ববীয়া আৰু ব্যক্তিবিশেষ উপস্থিত থকাৰ লগতে সত্ৰাধিকাৰসকল ক্ৰমে কুৰোবাহা সত্ৰৰ দয়াল চন্দ্ৰ, হাউলীৰ দামোদৰ দেৱ সেৱা সত্ৰৰ নৃপেন পূজাৰী, ধুপগুৰি সত্ৰৰ প্ৰসেনজিত মেধি, বামাখাটা সত্ৰৰ প্ৰবোধ চন্দ্ৰ অধিকাৰী, চৈবাৰী সত্ৰৰ গশেশ মেধি, ভবানীপুৰ সত্ৰৰ চন্দী প্ৰসাদ দাস, মহীধৰ তালুকদাৰ, পাটা সত্ৰৰ মুনীন্দ্ৰ নাৰায়ণ গোস্বামী, গোবিন্দ ভবন গীতা সত্ৰৰ তিলক চন্দ্ৰ তালুকদাৰ, নন্দেশ্বৰ ৰায়, পৰিহৰেশ্বৰ ডুবি দেৱালয়ৰ ৰোহিণী শৰ্মা দলৈ, মদন মোহন গোসাঁই থানৰ ৰমেশ কলিতা, সৰভোগৰ উত্তৰ গনকগাড়ী মা কালী পূজা সমিতিৰ শংকৰ দাস আদি ধৰ্মানুষ্ঠানৰ মুৰব্বীসকলো উপস্থিত থকা সভাত দুই-এদিনতে বজালী জিলাৰ প্ৰশাসনিক কাম-কাজ আৰম্ভ নকৰিলে পথ অৱৰোধ, ৰেলপথ অৱৰোধ আদিৰ দৰে ভয়াৱহ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে। আজিৰ প্ৰতিবাদী সভাই কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰি বজালী জিলাৰ কাম-কাজ আৰম্ভ নোহোৱা পৰ্যন্ত আন্দোলন অব্যাহত থাকিব বুলি ঘোষণা কৰে৷ সভাই অহা ১৭ ছেপ্তেম্বৰত আন তিনিখন নৱগঠিত জিলাৰ লেখিয়াকৈ বজালী জিলাৰ প্ৰশাসনিক কাম-কাজ আৰম্ভ কৰিবলৈ দাবী জনায় আৰু এই প্ৰস্তাৱ কাৰ্যকৰী কৰাৰ দাবীত অহা ১৫ আৰু ১৬ ছেপ্তেম্বৰত বজালীৰ বিভিন্ন স্থানত প্ৰতিবাদী সভা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷ যদিহে চৰকাৰে অহা ১৭ ছেপ্তেম্বৰত বজালী জিলাৰ প্ৰশাসনিক কাম-কাজ আৰম্ভ নকৰে তেন্তে অহা ২০ ছেপ্তেম্বৰৰ পুৱা ৬ বজাৰ পৰা আবেলি ৪ বজালৈ বজালী জিলাত সৰ্বাত্মক বন্ধ ঘোষণাৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ ইয়াৰ পিছতো যদি বজালী জিলাৰ কাম-কাজ আৰম্ভ নহয় তেন্তে পৰৱৰ্তী সময়ত ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰেলপথ অৱৰোধ কৰাৰ লগতে দুৰ্গাপূজাৰ ষষ্ঠীৰ দিনাখনৰ পৰা বজালী সমষ্টি আৰু ভৱানীপুৰ-সৰভোগ সমষ্টিৰ মিত্ৰজোঁট চৰকাৰৰ প্ৰতিগৰাকী সদস্য, বিষয়ববীয়া, বিধায়ক, মন্ত্ৰী আদিৰ সকলো চৰকাৰী আৰু সামাজিক কাৰ্যসূচী বৰ্জনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷
প্ৰেৰক কল্যাণ কলিতা

You might also like