নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : অজি ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ উদ্যোগত অহা ২৯ ছেপ্তেম্বৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত অনুষ্ঠিত হবলগীয়া প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ আলোচনাৰ লগতে মহাবিদ্যালয়খনত সাহিত্য-সংস্কৃতি শীৰ্ষক এলানি কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ আৰম্ভণিতে ডঃ পলী বেজবৰুৱাৰ নেতৃত্বত আৰম্ভণী গীত পৰিৱেশন কৰা হয়। অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে মহাবিদ্যালয়ৰ উপাধ্যক্ষা ৰীতা বৰাই। সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ডঃ উপেন্দ্ৰজিৎ শৰ্মাই। অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱৰ কাৰ্যকৰী সভাপতি, প্ৰকৃতিবিদ, সাহিত্যিক সৌম্যদ্বীপ দত্ত। সাহিত্য পাঠ অনুষ্ঠানটোত স্বৰচিত কবিতা পাঠ কৰে মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী ক্ৰমে কাকলি ৰায়, ৰাইহানা ইছলাম, আব্দুল হানিফ খান, গীতাঞ্জলি নাথ আদিয়ে। সংস্কৃত কবিতা পাঠ কৰে বিপাশা গোস্বামীয়ে। মহাবিদ্যালয়খনৰ ছাত্ৰী সোণালী নাথৰ গীতে উপস্থিত সকলোৰে মন মুহিবলৈ সক্ষম হয়। শেষত জাতীয় সংগীত পৰিৱেশনেৰে আজি এই অনুষ্ঠানৰ সামৰণি পৰে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী