নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : ‘২৪ৰ লোকসভা নিৰ্বাচনত জিকাটো নিশ্চিত।- এই দাবী ধুবুৰীৰ সাংসদ বদৰুদ্দিন আজমলৰ। ধুবুৰীত আগন্তুক লোকসভা নিৰ্বাচনত তেওঁৰ জয়-পৰাজয়ৰ বিষয়টোক লৈ আজি ধুবুৰীত সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত তেওঁৰ দাবী- “আজমল জিকিছে, জিকিব।” আনকি তিনি মাহ আগৰ পৰাই তেওঁ ২৪ৰ লোকসভা নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰা বুলিও দাবী তেওঁৰ। চৰকাৰী যিমান আঁচনি আছে, তাৰে ৯০ শতাংশ ধন আত্মসাৎ হয় বুলি এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি অহা ১৭ ছেপ্টেম্বৰৰ দিনা অসম চৰকাৰে ৰাজ্যজুৰি ১ কোটি গছপুলি ৰোপণৰ বাবে লোৱা সিদ্ধান্ত ১০০ শতাংশই বিফল হ’ব বুলি দাবী কৰে তেওঁ। আনহাতে, দেশৰ নাম ইণ্ডিয়া সলনি কৰি ভাৰত কৰাৰ বাবে লোৱা কেন্দ্রীয় চৰকাৰৰ সিদ্ধান্তৰ বিৰোধিতা কৰিব আৰু এইক্ষেত্ৰত তেওঁ বিৰোধী জোঁট I.N.D.I.A. সৈতে আছে বুলিও দাবী কৰে আজমলে।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী