নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উৎকোচ লৈ দুৰ্নীতি নিবাৰকৰ জালত কনিষ্ঠ সহায়ক চৌকত আলী

🔹 সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অপৰাধ অনুসন্ধান শাখাৰ অভিযান

নিয়মীয়া বাৰ্তা, ১৫ ছেপ্টেম্বৰ : সৰুপেটা ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাই আজি এক অভিযান চলাই এজন কনিষ্ঠ সহায়কক চাৰি হাজাৰ টকা উৎকোচ লৈ থকা সময়তেই গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত তীব্ৰ প্ৰতিক্ৰিয়া তথা চাঞ্চল্যৰ সৃষ্টি কৰিছে। উল্লেখ্য যে সৰুপেটা ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলীয়ে এগৰাকী লোকৰ পৰা চাৰি হাজাৰ টকা উৎকোচ লৈ অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাৰ হাতত গ্ৰেপ্তাৰ হ’বলগীয়া হয়। ভৱানীপুৰৰ নিকটৱৰ্তী শুকমানাহ গাঁৱৰ এগৰাকী লোকৰ পৰা চাৰি হাজাৰ টকা উৎকোচ লওঁতে ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ কনিষ্ঠ সহায়ক চৌকত আলীৰ কোঠাৰ ভিতৰতেই অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাৰ বিষয়া-কৰ্মচাৰীয়ে চৌকত আলীক হাতে-লোটে গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে  চৌকত আলীয়ে শুকমানাহ অঞ্চলৰ লোকজনৰ ভূমি বিক্ৰীৰ অনুমতিৰ ব্যৱস্থাৰ বাবে নগদ ২৫ হাজাৰ টকা দাবী কৰিছিল। আজি সেইমৰ্মে এটা কিস্তি ৰূপে চাৰি হাজাৰ টকা লোকজনৰ পৰা উৎকোচ লৈ থাকোঁতেই অপৰাধ অনুসন্ধান আৰু দুৰ্নীতি নিবাৰক শাখাই চৌকত আলীক গ্ৰেপ্তাৰ কৰে। আনহাতে, উৎকোচ লৈ হাতে-লোটে গ্ৰেপ্তাৰ হোৱা ব্যক্তিজনৰ বিৰুদ্ধে অপৰাধ অনুসন্ধান শাখাই ( case no. 70/2023, under section 7(a) ) এটা কেছ ৰুজু অধিক তদন্ত অব্যাহত ৰাখিছে ।

 

প্ৰেৰক ভূষণ তালুকদাৰ

You might also like