নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জামুগুৰিহাটত ট্ৰাকসহ ২৫টা চোৰাং গৰু জব্দ

নিয়মীয়া বাৰ্তা, ১৬ ছেপ্টেম্বৰ : আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে যদিও আৰক্ষীৰ চকুত ধূলি দি এতিয়াও নিশাৰ ভাগত অসমৰ বিভিন্ন স্থানৰ পৰা চোৰাং গৰু সৰবৰাহ কাৰ্য অব্যাহত আছে। কালি নিশাও জামুগুৰিহাটত স্থানীয় ৰাইজে জব্দ কৰে এখন গৰুভৰ্তি ট্ৰাক। গহপুৰৰ দিশৰ পৰা তীব্ৰ বেগে আহি থকা ট্ৰাকখন হঠাত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ এৰি জামুগুৰিহাটৰ কাঠবাৰী-ধলাইবিল সংযোগী গ্ৰাম্যপথৰে  প্ৰৱেশ কৰি ২ নং বৰপথাৰ অঞ্চলত ৰখি দিয়াত উত্তেজনাপূৰ্ণ পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটিত৷ চালক-হেণ্ডিমেনবিহীন ট্ৰাকখনক কেন্দ্ৰ কৰি অঞ্চলটোত চোৰৰ উপদ্ৰৱত নিশা পহৰা দিয়া লোকসকলো আগবাঢ়ি গৈ ট্ৰাকখনৰ ওচৰ পাই প্ৰত্যক্ষ কৰে কুৰিৰো অধিক চোৰাং গৰু৷ পৰৱৰ্তী সময়ত চোৰাং গৰু কঢ়িয়াই অনা  AS-28 AC-0450 নম্বৰৰ ট্ৰাকখন জামুগুৰিহাটৰ দুই নং বৰপথাৰতে স্থানীয় ৰাইজে জব্দ কৰিবলৈ সক্ষম হয়।স্থানীয় ৰাইজে ২৫টা চোৰাং গৰুসহ ট্ৰাকখন জব্দ কৰে যদিও ট্ৰাকখনৰ চালকসহ অনান্য লোকসকলে পৰাই সাৰিবলৈ সক্ষম হোৱাত চিনাক্ত কৰিব নোৱাৰিলে চোৰাং গৰু সৰবৰাহৰ লগত জড়িত দুষ্ট চক্ৰটোক। ইয়াৰ পাছত স্থানীয় ৰাইজে জামুগুৰি আৰক্ষীক খবৰ দি চোৰাং গৰুসহ ট্ৰাকখন চমজাই দিয়ে। উল্লেখ্য যে ইয়াৰ পূৰ্বেও জামুগুৰিহাটত বিভিন্ন সময়ত আৰক্ষীয়ে চোৰাং গৰু সৰবৰাহকাৰী গাড়ী ধৰিবলৈ সক্ষম হৈছিল।
প্ৰেৰক হিৰণ্য বৰা
You might also like