নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

হৃদয়বিদাৰক : লোক্ৰাৰ বুঢ়াগাঁও চাপৰিত ভস্মীভূত দৰিদ্ৰ পৰিয়ালৰ বাসগৃহ

নিয়মীয়া বাৰ্তা, ১৯ ছেপ্টেম্বৰ : শোণিতপুৰৰ ৰঙাপৰা বিধানসভা সমষ্টিৰ চিলনী গাঁও পঞ্চায়তৰ অন্তৰ্গত লোক্ৰাৰ বুঢ়াগাঁৱত সংঘটিত হৈছে এক হৃদয়বিদাৰক ঘটনা । জুইত নিমিষতে ছাই হ’ল বুঢ়াগাঁও চাপৰিৰ এজন দৰিদ্ৰ লোকৰ বাসগৃহ আৰু সমুদায় সা-সামগ্ৰী । প্ৰাপ্ত তথ্য মতে, বুঢ়াগাঁও চাপৰিৰৰ বাসিন্দা চন্দ্ৰ কুমাৰ নেৱাৰ নামৰ লোকজনৰ বাসগৃহটো যোৱানিশা ১২: মান বজাত সংঘটিত এক অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে জাহ যোৱাৰ লগতে ঘৰৰ সকলো সামগ্ৰী ভস্মীভূত হয় । উল্লেখ্য যে যোৱানিশা শ্বৰ্ট চাৰ্কিট হৈ লোকজনৰ বাসগৃহত জুইৰ সূত্ৰপাত ঘটে । আনহাতে, জুই লগাৰ সময়ত ঘৰৰ ভিতৰত গভীৰ নিদ্ৰাত থকা লোকজনৰ পত্নী আৰু দুগৰাকী কন্যাই কোনোমতে নিজৰ প্ৰাণ বচাবলৈ সক্ষম হয় যদিও ঘৰৰ কোনো সামগ্ৰী ৰক্ষা কৰিবলৈ সক্ষম নহ’ল । দুখজনক বিষয় যে জুইত অন্য সামগ্ৰীৰ লগতে জাহ যায় লোকজনৰ কন্যা ক্ৰমে চাৰিদুৱাৰ নেভিল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰী যমুনা মায়া নেৱাৰ আৰু গান্ধীজী প্ৰাথমিক বিদ্যালয়ৰ টংক মায়া নেৱাৰৰ বিদ্যালয়ৰ ঐক্যসাজ আৰু পাঠ্যপুথি । সমান্তৰালভাৱে ছাত্ৰী দুগৰাকীৰ মাতৃ বিষ্ণু মায়া নেৱাৰ অগ্নিকাণ্ডত আঘাতপ্ৰাপ্ত হৈছে আৰু বৰ্তমান সময়ত লোক্ৰাৰ স্বাস্থ্যকেন্দ্ৰত চিকিৎসাধীন হৈ আছে । উল্লেখ্য যে জাহ যোৱা বাসগৃহটোৰ গৰাকীজন কৰ্মসূত্ৰে অসমৰ বাহিৰত থাকে । আজি ঘটনাস্থলীত চিলনী আঞ্চলিক পঞ্চায়ত সদস্য লচ্ছু ছেত্ৰী উপস্থিত হৈ পৰিস্থিতি পৰিদৰ্শন কৰি পৰিয়ালৰ লোকৰ সৈতে মত বিনিময় কৰি পৰিয়ালটোৰ বাসগৃহটোৰ পুনৰ নিৰ্মাণৰ বাবে পঞ্চায়তৰ তৰফৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত এটা বাসগৃহ পৰিয়ালটোক আগবঢ়াব বুলিও অৱগত কৰে । তদুপৰি আঞ্চলিক সদস্যজনে ছাত্ৰী দুগৰাকীৰ বিদ্যালয়ৰ ঐক্যসাজৰো ব্যৱস্থা কৰি দিব বুলি অৱগত কৰে । ঘটনাস্থলীত চাৰিদুৱাৰ আৰক্ষী থানাৰ আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় । পেটৰ তাড়নাত অসমৰ বাহিৰত থকা দৰিদ্ৰজনৰ বাসগৃহ এনেদৰে জুইত জাহ যোৱাত লোকজনৰ পৰিয়ালৰ মাজত এক হাহাকাৰ পৰিৱেশৰ সৃষ্টি হৈছে । পৰিয়ালৰ লোকে ৰঙাপৰাৰ বিধায়ক, গাঁও পঞ্চায়ত, স্থানীয় আগছুকে আদি কৰি দল-সংগঠনক সহায়ৰ হাত আগবঢ়াবলৈ কাতৰ আহ্বান কৰিছে ।

প্ৰেৰক প্ৰাঞ্জল প্ৰতিম

You might also like