নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নাগৰিকত্বৰ ভিত্তিবৰ্ষক লৈ জমিয়ত উলামাৰ গোচৰৰ উচ্চতম ন্যায়ালয়ত শুনানি

বিশেষ বাৰ্তা, ২০ ছেপ্টেম্বৰঃ বহুদিন ধৰি উচ্চতম ন্যায়ালয়ত চলি থকা নাগৰিকপঞ্জী সংক্ৰান্তীয় গোচৰসমূহৰ শুনানি আজিৰ পৰা পুনৰ আৰম্ভ হৈছে। উক্ত গোচৰৰ অন্যতম জমিয়ত উলামাৰ নাগৰিকত্বৰ ভিত্তি বৰ্ষ ১৯৫১ নে ১৯৭১ হব এই গোটৰটো? উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে এই গোচৰবোৰৰ ধাৰাবাহিকভাৱে শুনানি গ্ৰহণ কৰিব। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি. ৱাই. চন্দ্ৰচূড় নেতৃত্বাধীন সাংবিধানিক বিচাৰপীঠে ইয়াৰ শুনানি গ্ৰহণ কৰে। পৰৱৰ্তী শুনানি ১৭, ১৮ আৰু ১৯ অক্টোবৰত হব। ইয়াৰ পিছত এসপ্তাহৰ বাবে ন্যায়ালয় বন্ধ থাকিব আৰু তাৰ পিছত পুনৰ শুনানি হব। প্ৰায় ১২ হাজাৰ পৃষ্ঠাৰ এই গোচৰটো সকলো পক্ষৰ সৈতে পৰামৰ্শ কৰি চাবমিচন লৈ উক্ত শুনানিৰ পূৰ্বে চমু সংকলন কৰি ন্যায়ালয়ত দাখিল কৰিবৰ বাবে উচ্চতম ন্যায়ালয়ৰ অধিবক্তা ফুজাইল আয়ুবীক দায়িত্ব দিয়া হয়। অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী প্ৰস্তুতকৰণৰ ভিত্তিবৰ্ষ কি হব বা নাগৰিকত্ব আইন ১৯৫৫ ৰ ধাৰা 6A (য’ত নাগৰিকত্বৰ ভিত্তি তাৰিখ ১৯৭১ চনৰ ২৫ মাৰ্চ বুলি কোৱা হৈছে) ৰ সাংবিধানিক বৈধতা আছে নে নাই। সেই বিষয়ত ২০০৯ চনত “অসম পাব্লিক ৱৰ্ক”-এ অসমৰ ভোটাৰ তালিকাৰ পৰা অবৈধ ভোটাৰৰ নাম কৰ্তন আৰু ২৫ মাৰ্চ, ১৯৭১ তাৰিখক ভিত্তি কৰি ১৯৫১ চনৰ নাগৰিকপঞ্জী খন উন্নীতকৰণ কৰাৰ বাবে উচ্চতম ন্যায়ালয়ত আৱেদন কৰে। এই গোচৰটো উচ্চতম ন্যায়ালয়ত WP (C) 274/2009 নম্বৰত তালিকাভুক্ত কৰা হয়। পুনৰ ২০১২ চনত নাগৰিকত্ব আইনৰ ধাৰা 6Aক বাতিল কৰি ১৯৫১ চনৰ ৰাষ্ট্ৰীয়পঞ্জীখনকে উন্নীতকৰণ কৰাৰ আৱেদন জনাই “অসম সন্মিলিত মহাসংঘ” নামৰ এটা সংগঠনে উচ্চতম ন্যায়ালযত এটা গোচৰ ৰুজু কৰে। উক্ত গোচৰটো W.P. (C) No. 562/2012 হিচাপে তালিকাভুক্ত কৰা হয়। লগে লগে অসম ৰাজ্যিক জমিয়ত উলামায়ো উচ্চতম ন্যায়ালয়ত I.A. no. 8/2012 and I.A. No. 20/2015 in W.P. (C) No. 562/2012 and I.A. Nos. 5/2013 in W.P. (C) No. 274/2009 নম্বৰৰ আৱেদন যোগে নাগৰিকত্ব আইনৰ 6Aৰ সাংবিধানিক বৈধতা নিৰ্দ্ধাৰণ কৰিবলৈ গোচৰকেইটা পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে জমিয়ত উলামাকো উক্ত গোচৰত পাৰ্টী হিচাপে অন্তৰ্ভুক্ত কৰিবলৈ আবেদন জনায়। জমিয়ত উলামা-ই-হিন্দৰ সেই আৱেদন অনুযায়ী ২০১৪ চনৰ ১৭ ডিচেম্বৰত উচ্চতম ন্যায়ালয়ৰ দুজনীয়া খণ্ড বিচাৰপীঠে ১৯৭১ চনৰ ২৫ মাৰ্চক ভিত্তি তাৰিখ হিচাপে লৈ অসমৰ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীখন প্ৰস্তুতকৰণৰ বাবে নিৰ্দেশ দিয়ে আৰু নাগৰিকত্ব আইনৰ ধাৰা 6A ৰ সাংবিধানিক বৈধতা নিৰ্দ্ধাৰণ কৰিবলৈ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠলৈ গোচৰটো প্ৰেৰণ কৰে। উচ্চতম ন্যায়ালয়ৰ পাঁচজনীয়া সাংবিধানিক বিচাৰপীঠে ন্যায়ালয়ত বিচাৰাধীন হৈ থকা নাগৰিকপঞ্জী সম্পৰ্কীয় উক্ত সকলো গোচৰ ক্লাৱ কৰি শুনানি লৈ আছে। শুনানিত জমিয়ত উলামাৰ হৈ জ্যেষ্ঠ অধিবক্তা দস্য়ন্ত দাৱে, অধিবক্তা মহম্মদ ছমছাদ, অধিবক্তা মনচুৰ আলী, অধিবক্তা আমিনুল ইছলাম, অধিবক্তা মোস্তফা খাদ্দাম হুছেইন আদিৰ লগতে ৰাজ্যিক জমিয়ত উলামাৰ অতিৰিক্ত সাধাৰণ সম্পাদক মৌলানা ফজলুল কৰিম কাছিমী আৰু কৰিমুদ্দিন বৰভূঞা উপস্থিত আছিল।

You might also like