নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গণেশগুৰিত নাৰীদেহৰ ব্যৱসায়, যুৱক–যুৱতীক গ্রেপ্তাৰ

নিয়মীয়া বার্তা, ১৮ ফেব্রুৱাৰীঃ মহানগৰীত অসাধু চক্রই দীর্ঘদিন ধৰি হোটেল–ৰেষ্টুৰেণ্টত চলাই আহিছে নাৰীদেহৰ ব্যৱসায়৷ দেওবাৰে নিশা নাৰীদেহ ব্যৱসায়ী চক্রৰ সৈতে জড়িত এজন যুৱকক দিছপুৰ আৰক্ষীয়ে যুৱতীসহ কৰায়ত্ত কৰি জেল হাজোতলৈ প্রেৰণ কৰে৷ আৰক্ষী সূত্রই জনোৱা মতে দেওবাৰে সন্ধিয়া প্রায় ৭ বজাত গণেশগুৰিৰ উৰণীয়া সেতুৰ সমীপত এগৰাকী যুৱতীক মালিগাঁৱৰ তপন শর্মা (২৮) নামৰ এজন যুৱকে অশালীন ব্যৱহাৰ কৰাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্রণৰ চেষ্টা কৰাৰ সময়তে যুৱকজনে কর্তব্যৰত আৰক্ষীক দুর্ব্যৱহাৰ কৰে৷ আৰক্ষীক দুর্ব্যৱহাৰ কৰাত তপন শর্মাক দিছপুৰ আৰক্ষীয়ে আটক কৰাৰ লগতে ঘটনা সন্দর্ভত ৪৪৪/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি যুৱকজনক আদালতত হাজিৰ কৰোৱাত আদালতে ন্যায়িক জিম্মালৈ প্রেৰণ কৰে৷ ইপিনে নাৰীদেহ ব্যৱসায়ী চক্রৰে জড়িত পাঞ্জাবাৰীৰ যুৱতীগৰাকীক আৰক্ষীয়ে আটক কৰি সোধা–পোছা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে আটকাধীন যুৱতীগৰাকীৰ নেতৃত্বত মহানগৰীত দীর্ঘদিন ধৰি চলি আছে নাৰীদেহৰ ব্যৱসায়৷ যুৱ প্রজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া নাৰীদেহৰ ব্যৱসায়ী চক্রৰ বিৰুদ্ধে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷

You might also like