নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আদৰ্শ মাতৃ বঁটাৰে বিভূষিত মৃণালিনী দেৱীলৈ ‘যুৱ-দৰ্শন’ৰ উৎকৃষ্ট বঁটা-২০২৬

সাহিত্য আৰু সমাজসেৱাৰ প্ৰতি আজীৱন নিষ্ঠা আৰু অসাধাৰণ অৱদানৰ স্বীকৃতি স্বৰূপে শিলচৰৰ পৰা প্ৰকাশিত সাপ্তাহিক বাংলা পত্রিকা আৰু ডিজিটেল মিডিয়া “যুৱ-দৰ্পণ”-ৰ ১৩তম বৰ্ষপূর্তি উপলক্ষে যোৱা ৩১ মে’ত গুৱাহাটীত এক বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আৰু বঁটা প্ৰদান, সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়।

অনুষ্ঠানটোৱে সাহিত্য, সংস্কৃতি আৰু সমাজসেৱাৰ ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়োৱা বহু বিশিষ্ট ব্যক্তিক এক মঞ্চত একত্ৰিত কৰা হয়। এই উদেশ্যেৰে যোৱা ১ জুনত “যুৱ-দৰ্পণ”-ৰ সম্পাদক আৰু প্ৰকাশক দিলু দাস আৰু সহ-সম্পাদক তৰালী দেৱীৰ নেতৃত্বত এটি প্রতিনিধি দলে অখিল ভাৰতীয় সাহিত্য পৰিষদৰ, অসমৰ সভাপতি তথা অসম সাহিত্য সভাৰ প্ৰাক্তন উপ সভাপতি, সু-সাহিত্যিক, সমাজমনস্ক ব্যক্তিত্বৰ অধিকাৰী মৃণালিনী দেৱীক তেওঁৰ কাহিলিপাৰাস্থিত বাসভৱনত সৃষ্টিশীলতা, প্ৰজ্ঞা, মানৱীয় মূল্যবোধ, আৰু সমাজৰ প্ৰতি দায়বদ্ধতাই প্ৰজন্ম-প্ৰজন্মক অনুপ্ৰাণিত কৰিছে আৰু আমাৰ সম্প্ৰদায়ৰ সাংস্কৃতিক আৰু সামাজিক পৰিৱেশক সমৃদ্ধৰ স্বীকৃতি স্বৰূপে সু-সাহিত্যিক আদৰ্শ মাতৃ বঁটাৰে বিভূষিত মৃণালিনী দেৱলৈ ‘যুৱ-দৰ্শণ’ৰ উৎকৃষ্ট বঁটা- ২০২৬ প্ৰদান কৰা হয়।

তেওঁক অসমীয়া গামোচা, জাপি, প্ৰশংসাপত্ৰ আৰু শ্ৰীশ্ৰীৰাম ঠাকুৰৰ পবিত্ৰ প্রতিকৃতি প্ৰদান কৰি এই সন্মান প্ৰদান কৰা হয়। উপস্থিত আছিল শিলচৰৰ বিশিষ্ট সমাজকৰ্মী তথা সংগীত শিল্পী মুনমুন সাহা আৰু শ্রীভূমিৰ সমাজকৰ্মী তথা শিক্ষয়িত্ৰী মিতালী নাথ।

সাহিত্য, সংস্কৃতি, নৈতিক মূল্যবোধ আৰু সমাজসেৱামূলক কাৰ্যকলাপৰ ক্ষেত্ৰত মৃণালিনী দেৱীয়ে আগবঢ়োৱা অসামান্য অৱদানৰ স্বীকৃতি স্বৰূপে এই সন্মান আগবঢ়োৱা হয়। উল্লেখযোগ্য যে মৃণালিনী দেৱীয়ে জীৱনৰ এক উল্লেখযোগ্য সময় শিলচৰত অতিবাহিত কৰিছিল। তেওঁৰ পাঁচ পুত্ৰৰ ভিতৰত দুজনৰ জন্ম শিলচৰতেই হৈছিল।

ডিজিটেল ডেস্ক, ৩ জুন

You might also like