নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ধাৰাপুৰ কৃষি উন্নয়নৰ গৃহ নির্মাণত দুর্নীতি

নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ আজাৰা ৰাজহ চক্রৰ অন্তর্গত ধাৰাপুৰস্থিত কৃষি কার্যালয়ৰ নতুন ভৱন নির্মাণত ঠিকাদাৰে ব্যাপক দুর্নীতি–নিয়ম চলোৱা কার্যই ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছে৷ উল্লেখ্য যে কৃষিপ্রধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰ কৃষি উন্নয়ন বিষয়া কার্যালয়টো মেৰামতিৰ অভাৱত জহি–খহি ভূত বাংলাত পৰিণত হৈ পৰিছে৷ যাৰ বাবে কার্যালয়টোৰ সমগ্র কাম–কাজ ধাৰাপুৰ গাঁও পঞ্চায়তৰ এটি কোঠাতে চলাই থকা হৈছে৷ এই বিষয়ে ‘নিয়মীয়া বার্তা’ত সবিস্তাৰে প্রকাশ পোৱাৰ পিছত গা লৰে কৃষি বিভাগৰ৷ কৃষি বিভাগে কার্যালয়টোৰ নতুন ভৱন নির্মাণৰ বাবে প্রায় ১৭ লাখ টকা মোকলাই দিয়ে৷ নির্মাণৰ ঠিকা লাভ কৰে নলবাৰীৰ বর্মন উপাধিৰ ঠিকাদাৰ এজনে৷ কিন্তু ঠিকাদাৰজনে নির্মাণকার্য আৰম্ভ কৰিয়ে আশ্রয় লয় ব্যাপক দুর্নীতি–নিয়মৰ৷ ঘৰটোৰ দেৱাল নির্মাণত ব্যৱহাৰ কৰা হৈছে নিম্নমানৰ দুই নম্বৰ ইটা৷ তদুপৰি চিমেণ্ট নিদিয়াকৈ বালি আৰু পানীৰ মিশ্রণ কৰিয়ে চলাইছে প্লাষ্টাৰ৷ চিমেণ্ট নিদিয়াকৈ দেৱাল বনাই থকা প্রত্যক্ষ কৰি ক্ষুব্ধ হৈ পৰে ধাৰাপুৰ কৃষি উন্নয়ন বিষয়াগৰাকী৷ কৃষি বিষয়াগৰাকীয়ে চিমেণ্ট নিদিয়াকৈ নির্মাণ কৰা দেৱাল ভাঙি দিয়াৰ লগতে নির্মাণত জড়িত শ্রমিকসকলক ধমকিও দিয়ে৷ শ্রমিকসকলে চিমেণ্ট আহি নোপোৱাৰ লগতে গৃহৰ নির্মাণ খৰখেদাকৈ সম্পন্ন কৰাৰ বাবে অকল বালিৰে দেৱাল নির্মাণ কৰা বুলি স্বীকাৰ কৰে৷ ইয়াৰ পিছত স্থানীয় একাংশ সচেতন লোকে ঠিকাদাৰ বর্মনক ফোন কৰি মাতে যদিও আজি পর্যন্ত ঠিকাদাৰজন নির্মাণস্থলীত উপস্থিত হোৱা নাই৷ আনহাতে, দেৱালৰ চুক বা দুখন দেৱালৰ সংযোগস্থলীত খুঁটা দিব লাগে যদিও খুঁটা নিদিয়াকৈ দেৱাল নির্মাণ কৰিছে৷ ফলত সাধাৰণ জোকাৰণি বা যিকোনো কাৰণতে ঘৰটো ভাগি পৰাৰ পূর্ণ আশংকা আছে৷ অভিযোগ অনুসৰি নির্মাণৰ ঠিকা লাভ কৰা ঠিকাদাৰজনে নিজে কাম কৰাৰ সলনি শ্রমিকৰ চর্দাৰজনক উপ–ঠিকাত গৃহটো নির্মাণ কৰাৰ দায়িত্ব দিছে৷ যাৰ বাবে শ্রমিকৰ চর্দাৰজনে অধিক ধন লাভৰ আশাত অতি নিম্নমানৰ সামগ্রীৰে নির্মাণ কার্য চলাই আছে৷ তদুপৰি নির্মাণ কার্যৰ তদাৰক কৰিবলৈ বিভাগীয় অভিযন্তা–বিষয়া নির্মাণস্থলীলৈ আহিব লাগে যদিও আজি পর্যন্ত তেওঁলোক অহা নাই বুলি জানিব পৰা গৈছে৷ ফলত নিজস্ব মইমতালিৰে চলি আছে নির্মাণ কার্য৷ যাৰ বাবে ধাৰাপুৰ কৃষি উন্নয়ন বিষয়া কার্যালয়ৰ কর্মচাৰীসকলৰ উপৰি স্থানীয় সচেতন লোকসকলে এই সন্দর্ভত তদন্ত কৰি ঠিকাদাৰজনৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ কৃষিমন্ত্রীক দাবী জনাইছে৷

You might also like