নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কাইলৈৰ পৰা চীনৰ হাংজৌত এছিয়ান গেমছৰ মহাৰণ

বিশেষ বাৰ্তা, ২২ ছেপ্টেম্বৰঃ কাইলৈৰ পৰা ঊনবিংশতিতম এছিয়ান গেমছ। এইবাৰ এছিয়ান গেমছ অনুষ্ঠিত হ’ব চীনৰ হাংজৌত৷ কিছু ইভেণ্ট আৰম্ভ হৈছে যদিও কাইলৈ হাংজৌ অলিম্পিক স্প’ৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ’ব এছিয়াৰ বৃহত্তম প্রতিযোগিতাখনৰ৷ এইবাৰ প্রতিযোগিতাখনত ক্রিকেটকে ধৰি বহু নতুন ইভেণ্ট অন্তর্ভুক্ত কৰা হৈছে৷ কাইলৈ সন্ধিয়া অনুষ্ঠিত হ’ব উদ্বোধনী অনুষ্ঠান৷ উল্লেখ্য যে ইতিমধ্যে ক্রিকেট, ভলীবল, বীচ্চ ভলীবল, ফুটবলকে ধৰি বিভিন্ন খেল আৰম্ভ হৈছে৷ প্রতিযোগিতাখনত ভাৰতৰ ৬৫৫গৰাকী খেলুৱৈয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াব৷ চীনৰ ৫৬টা স্থানত এছিয়াৰ অসংখ্য তাৰকা খেলুৱৈয়ে ৪৮১টা স্বর্ণ পদকৰ বাবে যুঁজত নামিব৷ ভাৰতীয় খেলুৱৈসকলে ৬১ বিধ খেলৰ ৪১ বিধ খেলত অংশগ্রহণ কৰিব৷ উল্লেখযোগ্য যে অসমৰ ৭ গৰাকী তাৰকা খেলুৱৈয়ে দেশৰ হৈ প্রতিদ্বন্দ্বিতাত নামিব৷ অসমৰ দুই অলিম্পিয়ান বক্সাৰ লাভলীনা বৰগোহাঁই আৰু শিৱ থাপাই এইবাৰ এছিয়ান গেমছত পদকৰ অন্যতম দাবীদাৰ হিচাপে অংশগ্রহণ কৰিছে৷ ইতিমধ্যে লাভলীনাই অলিম্পিকত পদক অর্জন কৰিছে যদিও শিৱ থাপাই অলিম্পিকত পদকৰ মুখ দেখা নাই৷ তথাপি শিবই এছিয়ান গেমছত দেশৰ হৈ পদক জয়ৰ আশা সজীৱ কৰি ৰাখিছে৷ প্রতিযোগিতাখনত অসমৰ প্রতিভাৱান মহিলা ক্রিকেটাৰ উমা চেত্রীয়েও ভাৰতীয় দলৰ হৈ অংশগ্রহণৰ সুযোগ লাভ কৰিছে৷ বিগত কেইবছৰমান ধৰি ভাৰতীয় বেডমিণ্টন দলৰ নিয়মীয়া সদস্য ৰূপে বিভিন্ন আন্তর্জাতিক প্রতিযোগিতাত খেলি অহা অসমকন্যা অস্মিতা চলিহাই এছিয়ান গেমছত শ্রেষ্ঠত্ব প্রতিপন্ন কৰাৰ যুঁজত নামিব৷ উল্লেখ্য যে ২০১৯ চনত ছাউথ এছিয়ান গেমছত স্বর্ণ পদক অর্জন কৰা অস্মিতাই হাংজৌত চমক সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ অসমৰ প্রতিভাৱান সাঁতোৰবিদ শিবাংগী শর্মাই প্রতিযোগিতাখনৰ সাঁতোৰত ভাৰতীয় ৰীলে দলত স্থান লাভ কৰিছে৷ শিবাংগীয়ে দলটোৰ হৈ দর্শনীয় প্রদর্শন দাঙি ধৰিব বুলি আশা কৰা হৈছে৷ ইপিনে ভাৰতীয় চেপাকটাক্র’ দলত স্থান লাভ কৰা অসমৰ এমপ্রিয়া দেৱীয়েও পদক অর্জনৰ সমভাগী হ’ব বুলি আশা কৰা হৈছে৷ প্রতিযোগিতাখনৰ ২০০ মিটাৰ দৌৰত ৰাষ্ট্রীয় অভিলেখকাৰী অম্লান বৰগোহাঁয়েও পদকৰ যুজত নামিব৷ কাইলৈ উদ্বোধনী অনুষ্ঠানত অসমকন্যা লাভলীনাই হকী খেলুৱৈ হৰমনপ্রীত কৌৰৰ সৈতে ভাৰতীয় দলৰ পতাকা বহন কৰিব৷

You might also like