ৰাজ্যৰ বিধ্বস্ত মথাউৰি নির্মাণৰ বাবে ৬০০ কোটি আবণ্টন
যোৰহাটত ভোগদৈ মথাউৰি পুনৰ নির্মাণ আঁচনিৰ কামৰ শুভাৰম্ভ
নিয়মীয়া বাৰ্তা ১৮ ফেব্ৰুৱাৰীঃ ৰাজ্যত ছিগা মথাউৰিসমূহ পুনৰ নির্মাণৰ বাবে ব্যৱস্থা কৰা হৈছে৷ এইক্ষেত্রত চৰকাৰ তথা জলসম্পদ বিভাগে তৎপৰতা গ্রহণ কৰিছে৷ ইতিমধ্যে ৰাজ্যৰ ছিগা মথাউৰিসমূহ পুনৰ নির্মাণৰ বাবে চৰকাৰে ৬০০ কোটিৰো অধিক টকা মোকলাই দিছে৷ সমান্তৰালকৈ যোৰহাটৰ ভোগদৈ মথাউৰিৰ বাবে চৰকাৰে স্থায়ী ব্যৱস্থা হাতত লৈছে৷ পূর্বতে মথাউৰিসমূহৰ ক্ষেত্রত কোনেও স্থায়ী ব্যৱস্থা গ্রহণ কৰা নাছিল৷ কিন্তু অগপ–বিজেপি মিত্রজোঁট চৰকাৰৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে ৰাইজৰ সুবিধাৰ প্রতি লক্ষ্য ৰাখি স্থায়ী ব্যৱস্থা গ্রহণ কৰিছে৷– যোৰহাট জিলাৰ পার্শ্বৱর্তী উত্তৰ–পশ্চিম যোৰহাটৰ মালৌখাট গাঁৱৰ সমীপৰ ভোগদৈ মথাউৰিৰ ছিগা অংশত আজি মথাউৰি পুনৰ নির্মাণ আঁচনিৰ কামৰ শুভাৰম্ভ কৰি এনেদৰে প্রকাশ কৰে জলসম্পদ মন্ত্রী কেশৱ মহন্তই৷ লগতে তেওঁ কয় যে এই ছিগা অংশৰ বাবে চৰকাৰে ৬ কোটি টকা আবণ্টন দিয়াৰ লগতে ২০ কিলোমিটাৰ দৈর্ঘ্যৰ এই ভোগদৈ মথাউৰিটোৰ বাবে চৰকাৰে মুঠ ১৬ কোটি ১৯ লাখ টকা মুকলি কৰি দিছে৷ পূর্বতে ছিগা মথাউৰি মেৰামতি কৰা হৈছিল৷ এইবাৰ মথাউৰিটোৰ ২০ কিঃমিঃ পুনৰ নির্মাণ কৰা হ’ব৷ মথাউৰিটোৰ যি অংশ অতি সংকটজনক বুলি চিহ্ণিত হৈ আছে, সেই অংশত নির্মাণৰ লগতে প্রতিৰোধৰ ব্যৱস্থা কৰা হৈছে৷ ইফালে, পুনৰ নির্মাণ হ’ব লগা ভোগদৈ মথাউৰিটো পূর্বতকৈ ৪.৫ মিটাৰ বহল কৰি এটা সুন্দৰ পথ হিচাপে নির্মাণ কৰাৰ ব্যৱস্থা কৰা হৈছে বুলি মন্ত্রীজনে উল্লেখ কৰি মথাউৰিটোত প্রথমবাৰৰ বাবে ৰোলাৰ আৰু ছেণ্ডগ্রেভেল ব্যৱহাৰ কৰি ৰাইজৰ যোগাযোগৰ সু–ব্যৱস্থাৰ প্রতি লক্ষ্য ৰখা বুলি ব্যক্ত কৰে৷ তদুপৰি আগন্তুক ব’হাগ বিহুৰ প্রাক্ক্ষণত ভোগদৈ মথাউৰিৰ নির্মাণকার্য সম্পূর্ণ হ’ব বুলি তেওঁ উল্লেখ কৰি মথাউৰি নির্মাণৰ সময়ত ৰাইজৰ সহযোগিতা কামনা কৰে৷ এই অনুষ্ঠান আৰম্ভ হোৱাৰ পূর্বে বন্তি প্রজ্বলনৰ লগতে একোটাকৈ নাৰিকল ভঙা হয়৷ ইয়াৰ পিছতে জলসম্পদ মন্ত্রী কেশৱ মহন্তই ফিতা কাটি মথাউৰিটো পুনৰ নির্মাণ আঁচনি কামৰ শুভাৰম্ভ কৰে৷ উল্লেখ্য যে মালৌখাট গাঁৱৰ সমীপৰ ভোগদৈ মথাউৰিৰ প্রায় ১৫০ মিটাৰ অংশ ২০১৯ বর্ষৰ মে’ মাহত নদীৰ সংহাৰী বানে উটুৱাই নিছিল৷ বানৰ কবলত পৰিছিল অঞ্চলটোৰ মালৌখাট, মালৌপাম, গগৈ গাঁও, সন্দিকৈ চুক, ৰঙাগডা, বালিখুঁটি, ৰান্ধনীজান গাঁৱৰ লগতে প্রায় ২০–২৫খন গাঁও৷ নদীৰ বাঢ়নী পানীয়ে কৃষকসকলৰ হাজাৰ বিঘা কৃষিভূমি জলমগ্ণ কৰাৰ উপৰি বালিয়ে পুতি চিন–চাব নাইকিয়া কৰাৰ লগতে মেটেকাৰে আগুৰি ধৰে৷ দুখৰ বিষয় যে অঞ্চলটোৰ বহু পৰিয়াল কৃষিৰ ওপৰতেই নির্ভৰশীল৷ কিন্তু বর্তমান সময়তো সোণৰ দলিচাত পানী, বালি, মেটেকাৰে পৰিপূর্ণ হৈ থকাত একপ্রকাৰ দিশহাৰা হৈ পৰিছে কৃষক পৰিয়ালসমূহ৷ যাৰ পৰিপ্রেক্ষিতত মথাউৰিটো পুনৰ নির্মাণেৰে চৰকাৰে স্থায়ী সমাধান কৰিবলৈ গ্রহণ কৰা পদক্ষেপত আনন্দিত হৈছে অঞ্চলবাসী৷ দেৰগাঁও সমষ্টিৰ বিধায়ক ভবেন্দ্র নাথ ভৰালীয়ে মন্ত্রীজনক সহযোগিতা কৰা এই অনুষ্ঠানত উত্তৰ–পশ্চিম যোৰহাট আঞ্চলিক পঞ্চায়তৰ সভাপতি জিতুমণি বৰা, স্থানীয় পঞ্চায়তৰ সভানেত্রী পূর্ণিমা গগৈ, প্রাক্তন পঞ্চায়ত সভাপতি মনোৰঞ্জন গগৈ, সাংসদৰ প্রতিনিধি মাখন গায়নৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া–কর্মচাৰী তথা স্থানীয় শতাধিক লোক উপস্থিত থাকে৷ একেদিনাই মন্ত্রীজনে ৰয়েল ৰোডৰ আৰ চি চি ৰিটেইনিং বেৰৰ নির্মাণৰ আধাৰশিলা স্থাপন কৰে৷