শিক্ষা–পৰিষ্কাৰ–পৰিচ্ছন্নতাত গুৰুত্বৰ নির্দেশ
ঘগ্রাপাৰৰ বনভাগ শিক্ষাখণ্ডৰ বিদ্যালয়–ংগনৱাড়ী কেন্দ্র উপায়ুক্তৰ আকস্মিক পৰিদর্শন
নিয়মীয়া বার্তা,১৮ ফেব্রুৱাৰীঃ নলবাৰী জিলাৰ ঘগ্রাপাৰ ৰাজহ চক্রৰ তথা বডিগোগ বনভাগ শিক্ষাখণ্ডৰ অন্তর্গত বৰাজোল, আল্লিয়া অঞ্চলৰ কেইবাখনো চৰকাৰী বিদ্যালয়ত আৰু অংগনৱাডী কেন্দ্রত সোমবাৰে পুৱা ৯ বজাতে জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী উপস্থিত হোৱাৰ লগে লগে বিদ্যালয়কেইখনত হুৱাদুৱা লগা পৰিলক্ষিত হয়৷ আল্লিয়া মাধাপুৰ প্রাথমিক বিদ্যালয়, আল্লিয়া বালিকা মধ্য ইংৰাজী বিদ্যালয়, বৰাজোল অঞ্চলৰ ২২১নং ভিঠা প্রাথমিক বিদ্যালয় আদিত উপস্থিত হৈ উপায়ুক্তগৰাকীয়ে বিদ্যালয়কেইখনৰ শৌচাগাৰ, প্রস্রাৱাগাৰৰ অনাময় ব্যৱস্থাসমূহ পৰিদর্শন কৰে৷ ল’ৰা–ছোৱালীৰ বাবে সুকীয়া সুকীয়াকৈ শৌচাগাৰ–প্রস্রাৱাগা আছে নে নাই আৰু শৌচাগাৰ–প্রস্রাৱাগা আদি পৰিষ্কাৰ–পৰিচ্ছন্ন হৈ আছে নে নাই আদি পৰিদর্শন কৰি বিদ্যালয়সমূহৰ শিক্ষক–শিক্ষয়িত্রীস এইক্ষেত্রত বিশেষ গুৰুত্ব দিবলৈ নির্দেশ দিয়ে৷ আল্লিয়া বালিকা মধ্য ইংৰাজী বিদ্যালয়ৰ শৌচাগাৰ–প্রস্রাৱাগা আদি পৰিদর্শন কৰি উপায়ুক্তগৰাকীয়ে এই বিদ্যালয়ৰ শিক্ষক–শিক্ষয়িত্রীস লগত পৰিষ্কাৰ–পৰিচ্ছন্ন সন্দর্ভত আলোচনা কৰি প্রতিদিনে চাফ–চিকুণ কৰি ৰাখিবলৈ নির্দেশ দিয়ে৷ আনহাতে, বিদ্যালয়সমূহৰ পৰিচালনা সমিতিসমূহেও যাতে নিজৰ নিজৰ বিদ্যালয়সমূহৰ অন্যান্য দিশৰ লগতে পৰিষ্কাৰ–পৰিচ্ছন্ন দিশতো সমানে গুৰুত্ব দিয়ে, তাৰ প্রতি আহ্বান জনায়৷ উপায়ুক্তগৰাকীয়ে পৰিষ্কাৰ–পৰিচ্ছন্ন অটুট নাৰাখিলে ছাত্র–ছাত্রীসকল বিভিন্ন বেমাৰত ভুগি শাৰীৰিক আৰু আর্থিকভাৱে ক্ষতিগ্রস্ত হ’বলগীয়া যে হয়, তাকো সোঁৱৰাই দিয়ে৷ যাৰ বাবে পৰিষ্কাৰ–পৰিচ্ছন্ন অটুট ৰাখি সুস্থ–সবল জীৱন–যাপন কৰাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ‘স্বচ্ছ ভাৰত অভিযান’ নামেৰে এখন গুৰুত্বপূর্ণ আঁচনি প্রৱর্তন কৰিছে৷ সুস্থ–সবল জীৱন যাপন কৰিব পাৰিলেহে দেশৰ জনসাধাৰণে উন্নতিত অৰিহণা যোগাব পাৰিব৷ যিহেতু ছাত্র–ছাত্রীসকল দেশৰ ধৰণীস্বৰূপ আৰু দেশৰ ভৱিষ্যতৰ নাগৰিক৷ স্কুলীয়া দিনৰ পৰাই ছাত্র–ছাত্রীসকলক সকলো ফালৰ পৰাই সজাগ কৰি তুলিব লাগিব বুলিও উপায়ুক্তগৰাকীয়ে শিক্ষক–শিক্ষয়িত্রীৰ লগতে পৰিচালনা সমিতিসমূহৰ বিষয়ববীয়াসকলৰ লগত মত বিনিময় কৰে৷ আনহাতে, পাঠদানৰ সময়ত কোনো কাৰণতে ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈ শিক্ষক–শিক্ষয়িত্রীস উপায়ুক্তগৰাকীয়ে আহ্বান জনায়৷ ইপিনে, উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ভিঠা প্রাথমিক বিদ্যালয়ৰ ছাত্র–ছাত্রীৰ লগত শৰীৰচর্চাতো ভাগ লৈ সুস্থ–সবল জীৱন ৰক্ষা কৰিবলৈ ছাত্র–ছাত্রীৰ প্রতি আহ্বান জনায়৷ তদুপৰি উপায়ুক্তগৰাকীয়ে কেইবাটাও অংগনৱাডী কেন্দ্র পৰিদর্শন কৰি অংগনৱাডী কর্মী–সহায়িকাক চাফ–চিকুণ অটুট ৰাখি শিশুসকলক খাদ্য যোগান ধৰিবলৈ পৰামর্শ দিয়ে৷ জিলা উপায়ুক্তগৰাকীয়ে এনেদৰে হঠাতে বিদ্যালয়সমূহ পৰিদর্শন কৰাত বৃহত্তৰ বৰাজোল আৰু আল্লিয়া অঞ্চলৰ সচেতন ৰাইজে আদৰণি জনাইছে৷