সংকল্প আৰু বিকাশ সমাৰোহৰ প্ৰস্তুতিৰ বুজ ল’বলৈ ডিব্ৰুগড়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
নিয়মীয়া বাৰ্তা, ১৮ ফেব্ৰুৱাৰীঃ ২৩ ফেব্ৰুৱাৰীত ডিব্ৰুগড়ত অনুষ্ঠিত হ’বলগীয়া বিজেপিৰ সংকল্প আৰু বিকাশ সমাৰোহৰ বুজ ল’বলৈ ডিব্ৰুগড়ত উপস্থিত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। ডিব্ৰুগড় আৰু তিনিচুকীয়াৰ বিধায়ক-কৰ্মীৰে এখন বৈঠকতো অংশ লয় মন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী সোণোৱালৰ বাসগৃহৰ সমীপৰ খনিকৰত অনুষ্ঠিত হ’ব এই সমাৰোহ।
এই সন্দৰ্ভত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে এই সংকল্প সমাৰোহৰ বাবে বিজেপিৰ সকলো নেতা-কৰ্মীয়ে যথেষ্ঠ কষ্ট কৰিছে, অতি ভাল এখন সমাৱেশ হ’ব আৰু আমাৰ হাতত এটা কাৰ্যকাল থাকিব আৰু এটা বছৰত ত্বৰান্বিত বিকাশৰ সংকল্প লোৱা হ’ব। আমি বিগত ৪ বছৰে যিমান কাম কৰিলো অহা এবছৰত যাতে ৪বছৰৰ সমান আমি কাম কৰিব পাৰো তাৰবাবে আমি সকলোৱে সংকল্প ল’ম। এই সমাৰোহৰ পিছতে আমাৰ সংকল্প সমাৰোহৰ কাৰ্যসূচী সমাপ্ত হৈ উন্নয়নৰ কাম আৰম্ভ হ’ব।