নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

CAA আন্দোলনৰ মাজতে ২ যুৱতীৰ উদ্দাম নৃত্য; চাওক ভিডিঅ’-

নিয়মীয়া বাৰ্তা, ১৮ জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দেশজুৰি অব্যাহত থকা ৰণসদৃশ পৰিস্থিতিৰ সময়তে পশ্চিমবংগত কা বিৰোধী আন্দোলনৰ এক অনুষ্ঠানত দুগৰাকী যুৱতীৰ উদ্দাম নৃত্যই এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

আনহাতে যি মঞ্চত এই উদ্দাম নৃত্য পৰিবেশন কৰা হৈছিল, তাৰ থিক তলতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ এক প’ষ্টাৰসহ ডাঙৰ ডাঙৰ আখৰেৰে লিখা আছিল-“NO CAA NO NRC . মানছি না মানব না ।”

উল্লেখ্য যে এই কা বিৰোধী অনুষ্ঠান পশ্চিবংগৰ মালদা অঞ্চলত তৃণমূল কংগ্ৰেছৰ যুৱ মৰ্চাই অনুষ্ঠিত কৰিছিল । কিন্তু এই অনুষ্ঠানৰ মাজতে দুই যুৱতীৰ এনে উদ্দাম নৃত্য এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে ।

পশ্চিমবংগৰ এক সংবাদ প্ৰতিষ্ঠানে প্ৰকাশ কৰা এই নৃত্যৰ ভিডিঅ’ চাওক-

You might also like