নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ডিচেম্বৰত কংগ্রেছৰ দ্বিতীয় ভাৰত জোড়ো যাত্রা !

বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : পূর্বনির্ধাৰিত পৰিকল্পনা অনুসৰি ৰাহুল গান্ধীয়ে ২ অক্টোবৰৰ পৰা দ্বিতীয় ভাৰত জোড়ো যাত্রা আৰম্ভ নকৰিবও পাৰে৷ তাৰ বিপৰীতে তেলেংগানা, মধ্যপ্রদেশ, ৰাজস্থান, ছত্তিশগড় আৰু মিজোৰামৰ বিধানসভা নির্বাচন শেষ হোৱাৰ পাছত ডিচেম্বৰৰ পৰা ভাৰত জোড়ো যাত্রা আৰম্ভ কৰা হ’ব পাৰে বুলি কংগ্রেছৰ এক সূত্রই সদৰী কৰিছে৷ ইতিমধ্যে কংগ্রেছৰ অভ্যন্তৰত বিষয়টোক লৈ চিন্তা–চর্চা চলিছে৷ কংগ্রেছ সূত্রৰ খবৰ অনুসৰি, দ্বিতীয় ভাৰত জোড়ো গুজৰাটৰ পৰা আৰম্ভ কৰি উত্তৰ–পূর্বাঞ্চলত সামৰণি পেলোৱাৰ পৰিকল্পনা আছিল৷ কংগ্রেছ ৱর্কিং কমিটীৰ বৈঠকত পুনৰ যাত্রা আৰম্ভ কৰাৰ বিষয়টোক লৈ দাবী উত্থাপন হৈছে৷ এইবাৰ ভাৰত জোড়ো যাত্রাৰ নাম সর্বোদয় যাত্রা হ’ব পাৰে বুলিও দলীয় সূত্রই ইংগিত দিছে৷

You might also like