বিশেষ বাৰ্তা, ২৯ ছেপ্টেম্বৰ : বাৰেৰহণীয়া সাংস্কৃতিক সমাহাৰৰে সামৰণি পৰিল মহাপুৰুষীয়া ধৰ্মালোচনী সভা। শ্ৰীশ্ৰী শংকৰদেৱ মন্দিৰৰ শতবৰ্ষ সমাৰোহ উপলক্ষে উলিওৱা বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা আজি শুৱালকুছিৰ বালিচৰত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উদ্বোধন কৰে ৷ শোভাযাত্ৰা উদ্বোধন কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ ঐতিহাসিক পুৰুষ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেবৰ অনুগত একশৰণ হৰিনাম ধৰ্ম মহাপুৰুষীয়া ধৰ্মালোচনী সভাই বিগত এশ বছৰে প্ৰচাৰ আৰু প্ৰসাৰ কৰি মহাপুৰুষগৰাকীক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰাৰ যি যাত্ৰা তাক নতমস্তক হৈ তেওঁ প্ৰণাম কৰে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ অবিহনে জাতিৰ অস্তিত্ব নিৰৰ্থক বুলি উল্লেখ কৰি তেওঁ কয় যে মহাপুৰুষীয়া ধৰ্মালোচনীই শংকৰদেৱ জন্ম জয়ন্তী উদযাপন আৰু অসমীয়া জাতিক প্ৰতিষ্ঠাৰ যি অহোপুৰুষাৰ্থ প্ৰচেষ্টাৰ সোণালী দিনৰ গৌৰৱ অসমীয়া জাতিয়ে সদাই মনৰ মণিকোঠত আবদ্ধ ৰাখিব। শোভাযাত্ৰা উদ্বোধনী অনুষ্ঠানত উদযাপন সমিতিৰ সভাপতি তথা সত্ৰাধিকাৰ ৰাজীৱ লোচন সন্ত, সম্পাদক কিশোৰ দাস, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰী, মুখ্যমন্ত্ৰীৰ সহায়ক দিগন্ত শৰ্মা উপস্থিত থাকে ৷ পিচত মুখ্যমন্ত্ৰীগৰাকীয়ে বালিচৰৰ অস্থায়ীভাবে স্থাপন কৰা শংকৰদেৱ মন্দিৰৰ গুৰু আসনত সেৱা লয় । ইফালে দহ হাজাৰ ভক্তৰ সমাহাৰৰে আয়োজিত সাংস্কৃতিক শোভাযাত্ৰাত এশটা খোলৰে গায়ন বায়ন, মুগা আৰু পাটৰ বস্ত্ৰ পৰিধান কৰি মুৰত জাপি, কাষত কলহ লৈ এশ গৰাকী যুৱতী, ঢোল- পেপা, হাতী ,মহিলাৰ বেন্দ পাৰ্টি, মিৰি, খাচী, মিচিং, বড়ো জনগোষ্ঠীৰ দল, এশটা মহিলাৰ নামতী দল আৰু পুৰুষৰ নামৰদলে নাম গাই গাই নামৰ ধ্বনিয়ে বস্ৰনগৰীৰ আকাশ বতাহ মুখৰিত কৰি তোলে।শোভাযাত্ৰাটি শুৱালকুছি বালিচৰৰ শতবৰ্ষৰ নামখলাৰ পৰা ওলাই বাপুজী পথ হৈ হাটী সত্ৰৰ সমুখৰে শান্তিটোল বাঘেশ্বৰী পাহাৰৰে বিষ্ণু ৰাভা পথৰে পুনৰ শংকৰ মন্দিৰৰ সন্মুখৰে প্ৰায় তিনি কিলোমিটাৰ পথ পৰিভ্ৰমণ কৰি বালিচৰত সামৰণি পৰে। বিগত ছয়ো দিন শতবৰ্ষ উপলক্ষে বালিচৰত বিভিন্ন কাৰ্যসূচীৰে আয়োজন কৰা শতবৰ্ষ সমাৰোহৰ হৰিনাম কীৰ্ত্তন, নাগাৰানাম এক হাজাৰ মহিলাৰ দিহা নাম এক হাজাৰ শিশুৰ প্ৰাৰ্থনা সভা, ধৰ্মালোচনা সভা, স্মৃতিগ্ৰন্থ “সৰ্বগুনাকৰ“ উন্মোচন, সাংস্কৃতিক অনুষ্ঠান আদি কাৰ্যসূচীয়ে শুৱালকুছিক দ্বিতীয় বৈকুন্ঠপুৰীলৈ ৰূপান্তৰিত কৰি তোলে। শতবৰ্ষ সমাৰোহৰ ছয়ো দিনৰ কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় তিনি লক্ষ্যাধিক ভক্তৰ সমাগমৰে জন সমুদ্ৰত পৰিণত হয়৷ এই দিনকেইটা ভক্তিৰসত বুৰি থাকে শুৱালকুছিৰ বালিচৰ। আজি মুখ্যমন্ত্ৰীৰ উপস্থিতিয়ে সকলো কৰ্মকৰ্তাক অধিক উৎসাহিত কৰি তোলে ৷ উল্লেখ্য যে ১৯১৭ চনত শুৱালকুছিত প্ৰথমে ঈশ্বৰ শ্ৰীশ্ৰী হাটী সত্ৰৰ সপ্তম গৰাকী সত্ৰাধিকাৰ বাকসিদ্ধ পুৰুষ সাধু বুদৰাম মহন্তই আহিন মাহৰ শুক্লা দশমী তিথিত সত্ৰত এভাগী শৰাই আগবঢ়াই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ জন্ম জয়ন্তী উদযাপন কৰে। পিচলৈ ১৯২৪ চনত মহাপুৰুষীয়া ধৰ্মালোচনী সভাৰ প্ৰতিষ্ঠা লাভ কৰি গুৰু জনাৰ জন্ম জয়ন্তী ৰাজহুৱাকৈ অনুষ্ঠিত কৰিবলৈ লয়। এইবেলি শংকৰদেৱ মন্দিৰৰ শতবৰ্ষ সমাৰোহত শুৱালকুছিৰ সৰ্বস্তৰ ৰাইজ আনন্দত মতলীয়া হৈ শতবৰ্ষ সমাৰোহ উদযাপন কৰে। সন্ধিয়া এহাজাৰ ভকতৰ ঘোষানাম আৰু মহাপুৰুষীয়া ধৰ্মালোচনী সভাৰ আৰু শতবৰ্ষ সমাৰোহৰ ধৰ্ম পতাকা অবতৰণৰে শতবৰ্ষ সমাৰোহৰ সামৰণি পৰে।
প্ৰেৰক দিলীপ মেধি