✅নিজ বাহনত চিকিৎসালয়লৈ নিলে আহত বনকৰ্মীক
✅হাতী খেদিবলৈ গৈ হাতীৰ আক্ৰমণত বনকৰ্মীৰ মৃত্যু
বিশেষ বাৰ্ত, ২৯ ছেপ্টেম্বৰঃ বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা ৰাইজক ৰক্ষা কৰিবলৈ গৈ এজন বনকৰ্মীয়ে নিজৰ জীৱন ৰক্ষা কৰিব নোৱাৰি বনৰীয়া হাতীৰ হাততেই প্ৰাণ দিবলগীয়া হোৱা ঘটনাই সমগ্ৰ মৰিয়নিতে শোকৰ ছাঁ পেলাইছে। নিহত লোকজন মৰিয়নিৰ বন বিভাগৰ কৰ্মচাৰী অতুল কলিতা। উক্ত ঘটনাত আন তিনিজন বনকৰ্মীও আহত হৈছে। উল্লেখযোগ্য যে, মৰিয়নিৰ হোলোঙাপাৰ গিবন অভয়াৰণ্যৰ পৰা খাদ্যৰ সন্ধানত ওলাই গৈ জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীপালক আনদিনাৰ দৰে কালিও খেদিবলৈ মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়ৰ পৰা এটা বনকৰ্মীৰ দল গৈছিল। কালি সন্ধিয়া সময়ত লেটেকুজানৰ সমীপত হাতীপালে অৱস্থান ল । বনকৰ্মীৰ দলে তাৰ পৰা পালটো আঁতৰাই পঠাবলৈ চেষ্টা কৰে যদিও বিফল হয়। নিশাৰ ভাগত হাতী পালটোৰ পৰা এটা মখনা হাতী তিতাবৰৰ বিজয় নগৰৰ সমীপত উপস্থিত হৈ উপদ্ৰৱ আৰম্ভ কৰে। স্থানীয় লোকেও হাতীটোক খেদাৰ চেষ্টা চলায় । বনকৰ্মীৰ দলটো উক্ত স্থানত উপস্থিত হৈ হাতীটো খেদিবলৈ শূন্যলৈ গুলীচালনা কৰে যদিও হাতীটোৱে আক্ৰমনাত্মক ৰূপ লৈ বনকৰ্মীৰ দলটোক খেদি আহে। বনকৰ্মীসকলে হাতীটোক ভয় খুৱাবলৈ পুনৰ ব্লেংক ফায়াৰ কৰিব খোজে যদিও সেই সময়ত বনকৰ্মীৰ হাতত থকা বন্দুক নুফুটিল। ইতিমধ্যে উন্মাদপ্ৰায় হাতীটোৰ খেদাত দৌৰি পলাওতে অতুল কলিতা নামৰ বনকৰ্মীজন পথৰ ওপৰতে পৰি যোৱাত হাতীটোৱে অতুল কলিতাক উপৰ্য্যুপৰি আক্ৰমণ কৰে। সন্দেহ কৰা মতে, হাতীটোৱে কলিতাক গচকাৰ ওপৰিও শুঁৰেৰে ডাঙি থেকেছি দিয়ে। ফলত, মুৰ, কঁকাল, বুকু, ভৰি আদিত গুৰুতৰভাৱে আঘাত পায়। এক সূত্ৰৰ মতে, হাতীটোৰ আক্ৰমণত অতুল কলিতাৰ ঘটনাস্থলীতে মৃত্যু হয়। আনহাতে, এই আক্ৰমণত ৰাজীৱ বৰগোঁহাই, পৰাগ দত্ত আৰু বীৰেন মাহাতু নামৰ আন তিনিজন বনকৰ্মীৰ কোনোমতে প্ৰাণ ৰক্ষা পৰে যদিও আটাইকেইজনেই আহত হয়। কিছু সময়ৰ পিছত স্থানীয় লোকৰ সহযোগত অতুল কলিতাক মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰি বন বিভাগৰ এখন পুৰণি জীপেৰে আহত আনকেইজনসহ মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ আহে। কিন্তু আহতসকলক মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ অনাৰ পৰিৱৰ্তে যোৰহাট চিকিৎসা মহাবিদ্যালয় অথবা তিতাবৰৰ মহকুমা চিকিৎসালয়লৈ নিয়া হ’লে আহতসকলে তাৎক্ষণিকভাৱে চিকিৎসা লাভ কৰিলেহেঁতেন। কাৰণ ঘটনাস্থলীৰ পৰা তিতাবৰ বা যোৰহাটলৈ মৰিয়নিতকৈ দূৰত্ব কম হ’লহেঁতেন। ইফালে, মৰিয়নিৰ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো কোনো চিকিৎসা নাপালে। চিকিৎসকৰ কোৱাৰ্টাৰত চিকিৎসকক চিঞৰি মাতি থকাৰ পিছতো চিকিৎসক ওলাই নাহিল বুলি ভুক্তভোগীসকলে জানিবলৈ দিয়ে। শেষ উপায় বিহীন হৈ বন বিভাগৰ গাড়ীতে অতি সংকটজনক অৱস্থাত অতুল কলিতাক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় যদিও তেওঁৰ মৃত্যু হয়। পিছে গাড়ীৰ অভাৱৰ বাবে আহত আনকেইজনক মৰিয়নিৰ বনাঞ্চলিক বিষয়াৰ কাৰ্য্যালয়তে এৰি থৈ যাব লগা হয়। সেই বিষয়ে জানিব পাৰি নিশা প্ৰায় ৩ বজাত মৰিয়নিৰ জ্যেষ্ঠ সংবাদকৰ্মী, ‘নিউজ লাইভ’ৰ মৰিয়নিৰ সাংবাদিক প্ৰাঞ্জল পাওগামে সতীৰ্থ সংবাদকৰ্মী সপোন ৰহমান শইকীয়াৰ সহযোগত আহতক যোৰহাট চিকিৎসা মহাবিদ্যালয়লৈ লৈ যায় । সম্প্ৰতি তিনিও আহত বনকৰ্মী বিপদমুক্ত বুলি জানিব পৰা গৈছে। নিহত বনকৰ্মী অতুল কলিতা অতি অমায়িক স্বভাৱৰ আছিল। মৰিয়নিৰ পাৰ্শ্বৱৰ্তী পুখুৰীয়াৰ নঘৰীয়া অঞ্চলৰ বাসিন্দা আছিল প্ৰয়াত অতুল কলিতা। আজি তেওঁৰ মৃত্যুত মৰিয়নিৰ বনকৰ্মীসকলৰ মাজত শোকাকুল পৰিস্থিতিৰ সৃষ্টি হয়। এই ঘটনাই মৰিয়নিত চাঞ্চল্যৰ সৃষ্টি কৰিছে । ইফালে, বনৰীয়া হাতীৰ আক্ৰমণত নিহত হোৱা অতুল কলিতাৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ অন্তত আজি বিয়লি মৰিয়নিৰ বনাঞ্চলিক বিষয়া কাৰ্য্যালয়লৈ অনা হয় । তাতেই প্ৰয়াত বনকৰ্মীজনলৈ শেষ শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অসম চৰকাৰৰ হৈ বিধায়ক ৰূপজ্যোতি কুৰ্মী, যোৰহাট জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত পুলক মহন্ত, যোৰহাটৰ সংমাণ্ডলিক বন প্ৰাধিকাৰী নন্দ কুমাৰ, মৰিয়নিৰ ৰাজহ চক্ৰ বিষয়া কুইন গগৈ, তিতাবৰ মহকুমাৰ আৰক্ষী বিষয়া কাকলি পাটগিৰি, মৰিয়নিৰ বনাঞ্চলিক বিষয়া অনিমেষ কলিতাৰ লগতে মৰিয়নি ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ কৰ্মচাৰী, মৰিয়নি আৰক্ষী, বন বিভাগ, পৌৰসভা আদিৰ উপৰিও বহু ব্যক্তি উপস্থিত থাকি নিহত বনকৰ্মী অতুল কলিতাক অন্তিম শ্ৰদ্ধাঞ্জলি জনায় । বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে নিহত অতুল কলিতালৈ অসম চৰকাৰৰ তৰফৰ পৰা এককালীন সাহাৰ্য্য হিচাপে তাৎক্ষণিকভাৱে ৪ লাখ টকাৰ ক্ষতিপূৰন আদায় দিয়া হ’ব বুলি জানিবলৈ দিছে। জিলা আয়ুক্ত পুলক মহন্তই ঘটনাটো অত্যন্ত দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰি সমগ্ৰ বিষয়টো গুৰুত্ব সহকাৰে লোৱা বুলি জানিবলৈ দিয়ে। জিলা আয়ুক্ত মহন্তই এই ঘটনাৰ পৰা শিক্ষা লোৱা বুলি উল্লেখ কৰি এই সমস্যা সমাধানৰ ক্ষেত্ৰত সকলো পক্ষৰ সৈতে আলোচনা কৰি অতি শীঘ্ৰেই ব্যৱস্থা গ্ৰহণ কৰাৰ আশ্বাস দিয়ে। তেওঁ লগতে এই সমগ্ৰ বিষয়টো ব্যক্তিগতভাৱে তদাৰক কৰিব বুলিও সংবাদ মাধ্যমক জানিবলৈ দিয়ে। আজিৰ ঘটনাত এজন সহকৰ্মীক হেৰুৱাই মৰিয়নিৰ লগতে যোৰহাটৰ বন বিভাগৰ লোকসকল শোকত ম্ৰিয়মাণ হৈ পৰে ।
প্ৰেৰক দিব্যজ্যোতি শইকীয়া