নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিৱসাগৰৰ দিখৌ দলঙৰ সমীপত নিশা বিধ্বংসী অগ্নিকাণ্ড

নিয়মীয়া বাৰ্তা, ৩০ ছেপ্টেম্বৰ : শিৱসাগৰ নগৰৰ দিখৌ দলঙৰ সমীপত যোৱানিশা সংঘটিত এক বিধ্বংসী অগ্নিকাণ্ডত মুহুৰ্ততে জ্বলি ছাই হৈ গ’ল দুখনকৈ ব্যৱসায়িক প্ৰতিষ্ঠান ৷ চহৰৰ মাজমজিয়াৰ লক্ষ্মীনাথ বেজবৰুৱা শিশু উদ্যানৰ সমীপত নিশা প্ৰায় চাৰে এঘাৰ বজাত সংঘটিত বিধ্বংসী অগ্নিকাণ্ডৰ ফলত দুখন ব্যৱসায়িক প্ৰতিষ্ঠান সম্পূৰ্ণৰূপে ধ্বংস হোৱাৰ বিপৰীতে বেংক অৱ বৰোডাৰ শিৱসাগৰ শাখাটোৰো আংশিক ক্ষতি হয় ৷ ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনী আৰু অ’ এন জি চিৰ অগ্নিনিৰ্বাপক বাহিনীৰ যৌথ প্ৰচেষ্টাত বেংক অৱ বৰোডাৰ লগতে একে স্থানতে থকা চ’লাৰ ফাইনেস্ন, কোঁৱৰ টিভিএছ ডীলাৰৰ লগতে এন আৰ এল পেট্ৰল পাম্পটোও কথমপি ৰক্ষা পৰে ৷ প্ৰাপ্ত বাতৰি মতে, দিখৌ দলঙৰ সমীপৰ আমোলাপট্টি চাৰিআলিৰ কাষতে থকা নিপেন বেজবৰুৱা আৰু বিপিন বেজবৰুৱা নামৰ দুই ভাতৃৰ ব্যৱসায়িক প্ৰতিষ্ঠানতেই প্ৰথমতে জুইৰ সূত্ৰপাত ঘটে ৷ স্থানীয় ৰাইজ নিদ্ৰাৰত অৱস্থাত থকাৰ সময়তেই প্ৰথম নিপেন বেজবৰুৱাৰ হোটেলত জুই লাগে ৷ যোৱানিশা নগৰৰ গণকপট্টি অঞ্চলত সন্দেহজনক চ্যুটকেছত বোমা থকাৰ সন্দেহত সৃষ্টি হোৱা আতংকময় পৰিস্থিতিৰ বাতৰি সংগ্ৰহ কৰি উভতি অহা কেইগৰাকীমান সংবাদকৰ্মীয়ে সেই স্থানত জুই লগা প্ৰত্যক্ষ কৰি এগৰাকী অতিৰিক্ত আৰক্ষী অধীক্ষকক এই খবৰ জনায় ৷ ইয়াৰ পিছতেই অতি কম সময়ৰ ভিতৰতেই ঘটনাস্থলীত আহি উপস্থিত হোৱা ৰাজ্যিক অগ্নিনিৰ্বাপক বাহিনীৰ তিনিখন বাহন আৰু অ’ এন জি চি অগ্নিনিৰ্বাপক বাহিনীৰ এখন বাহনে জুই নুমুৱাবলৈ সক্ষম হয়৷ অৱশ্যে ইয়াৰ মাজতে ব্যৱসায়িক প্ৰতিষ্ঠানৰ জুয়ে বেংক অৱ বৰোডাৰ এটা বাতানুকূল যন্ত্ৰ ভস্মীভূত কৰাৰ লগতে বেংকৰ এটা অংশৰ আংশিক ক্ষতি কৰে ৷ কিন্তু অগ্নিনিৰ্বাপক বাহিনীয়ে স্থানীয় বেংক কৰ্মচাৰী আৰু নিৰাপত্তাৰক্ষীৰ সহায়ত লগে লগে মূল শ্বাটাৰ খুলি বেংকৰ ভিতৰত প্ৰৱেশ কৰি অধিক ক্ষয়-ক্ষতিৰ পৰা শাখাটোক ৰক্ষা কৰিবলৈ সক্ষম হয়৷ বিশেষকৈ অগ্নিনিৰ্বাপক বাহিনীৰ জোৱানৰ তৎপৰতাৰ বাবেই জুই সম্প্ৰসাৰণ হোৱাৰ পৰা ৰক্ষা পৰে ৷ এই অগ্নিকাণ্ডৰ ফলত নিপেন বেজবৰুৱা আৰু বিপিন বেজবৰুৱাৰ দুয়োখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা এটা চিলিণ্ডাৰ অগ্নিনিৰ্বাপক বাহিনীয়ে সুৰক্ষিতভাৱে উদ্ধাৰ কৰাৰ বাদে আন কোনো সামগ্ৰী ৰক্ষা কৰিবলৈ সক্ষম নহ’ল ৷ আৰক্ষীয়ে প্ৰাৰম্ভিক অনুসন্ধানত এয়া শ্বৰ্ট চাৰ্কিটৰ পৰাই সংঘটিত হোৱা জুই বুলি সন্দেহ প্ৰকাশ কৰিছে ৷ স্থানীয় ৰাইজে দুয়োগৰাকী দুৰ্ভগীয়া ব্যৱসায়ীক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুৰ্য্যোগ প্ৰশমন বিভাগৰ লগতে জিলা প্ৰশাসনৰ ওচৰত আহ্বান জনাইছে ৷

প্ৰেৰক আশ্ৰফুৰ ৰহমান 

You might also like