বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে তিনিচুকীয়া জিলা দিৱস। তিনিচুকীয়া বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত জিলা আয়ুক্ত স্বপ্নীল পালৰ উপস্থিতিত দ্বিতীয় সংখ্যক তিনিচুকীয়া জিলা দিৱসৰ আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে বন্তি প্ৰজ্বলন কৰি জিলা দিৱসৰ কাৰ্যসূচী আৰম্ভ কৰে। জিলা আয়ুক্তগৰাকীয়ে তিনিচুকীয়া জিলাবাসীক জিলা দিৱস উপলক্ষ্যে শুভকামনা জ্ঞাপন কৰাৰ লগতে তিনিচুকীয়া জিলাখন সকলো ফালৰে পৰা এখন সমৃদ্ধিশালী জিলা হিচাপে অভিহিত কৰে। তেওঁ জিলাখনৰ সৰ্বাংগীণ বিকাশৰ অফুৰন্ত সম্ভাৱনা আছে বুলি উল্লেখ কৰি স্থানীয় প্ৰতিগৰাকী ব্যক্তিকে নিজৰ জিলাখনৰ উন্নয়নৰ হকে সহযোগিতা আগবঢ়াবলৈ আহ্বান জনায়। অসম চৰকাৰৰ শ্ৰম, চাহ জনজাতি আৰু আদিবাসী কল্যাণ দপ্তৰৰ মন্ত্ৰী সঞ্জয় কিষাণে উক্ত কাৰ্য্যসূচীত উপস্থিত হৈ জিলা দিৱস উপলক্ষ্যে সকলোলৈকে আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে সকলোৰে সক্ৰিয় সহযোগিতাৰে তিনিচুকীয়া জিলাখনক এখন সৰ্বাংগ সুন্দৰ তথা সমৃদ্ধিশালী জিলা হিচাপে গঢ়ি তুলিব পৰা যাব বুলি উল্লেখ কৰে। তিনিচুকীয়া জিলা দিৱসৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া জিলা প্ৰশাসনৰ উদ্যোগত সদৌ অসম ভিত্তিক প্ৰাইজমানী মুকলি কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মুঠ ২৯টা দলে অংশগ্ৰহণ কৰা এই কুইজ প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়লৈ ৬টা দল নিৰ্বাচিত হয়। জিলা আয়ুক্তগৰাকীয়ে চূড়ান্ত পৰ্যায়ৰ প্ৰথম ৰাউণ্ডটো পৰিচালনা কৰি এই প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে। মুকলি কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে তিনিচুকীয়া জিলা প্ৰশাসনৰ বন্দিত গগৈ (সহকাৰী আয়ুক্ত) আৰু মুনীন্দ্ৰ নাথ হাজৰিকা (খাদ্য, অসামৰিক যোগান বিভাগৰ উপ-পৰিদৰ্শক)ৰ দলে, দ্বিতীয় স্থান লাভ কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ পৰংগম শৰ্মা আৰু পাৰ্থ প্ৰতিম শৰ্মাৰ দলে, তৃতীয় স্থান লাভ কৰে অসম চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়ৰ অনুভৱ দত্তই। এই কুইজ প্ৰতিযোগিতা পৰিচালনা কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কুইজ ফৰামৰ সভাপতি পল্লৱ কুমাৰ দাসে। উল্লেখযোগ্য যে এই মুকলি কুইজ প্ৰতিযোগিতাত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে অন্যান্য বিভিন্ন মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে জিলা প্ৰশাসনৰ বিভিন্ন বিভাগৰ উৎসাহী বিষয়া-কৰ্মচাৰীসকলে যোগদান কৰে। জিলা দিৱস উপলক্ষ্যে আজি তিনিচুকীয়া ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ খেলপথাৰত জিলা আয়ুক্ত একাদশ বনাম সভাপতি একাদশ মাৰোৱাৰী যুৱ মঞ্চ মাজত এখনি প্ৰীতি ক্ৰিকেট খেল অনুষ্ঠিত হয়। উক্ত ক্ৰিকেট খেলত জিলা আয়ুক্ত একাদশ ১৭ ৰাণত জয়ী হয়। আনহাতে, তিনিচুকীয়া জিলা দিৱস উপলক্ষ্যে মাৰ্ঘেৰিটা মহকুমা প্ৰশাসনৰ উদ্যোগত মাৰ্ঘেৰিটা এফ আৰ ইউত ৰক্তদান শিৱিৰ অনুষ্ঠিত হয়। একেদৰে, তিনিচুকীয়া জিলা প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শদিয়া মহকুমা প্ৰশাসন, মহকুমা অসামৰিক চিকিৎসালয় আৰু তিনিচুকীয়া জিলা স্বাস্থ্য সমিতিৰ যুটীয়া উদ্যোগত শদিয়া অসামৰিক চিকিৎসালয়তো ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। জিলা দিৱস উপলক্ষে কাইলৈ পুৱা ৫ বজাত শদিয়াৰ পৰা ড০ ভূপেন হাজৰিকা সেতুলৈকে এক চাইকেল ৰেলী অনুষ্ঠিত কৰাৰ লগতে বিয়লি ৩ বজাৰ পৰা তিনিচুকীয়া উন্নয়ন প্ৰাধিকৰণৰ সাংস্কৃতিক কেন্দ্রত মুকলি সভা আৰু সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব।
প্ৰেৰক বিবেক বড়া