শিক্ষাই এটা জাতিৰ উত্তৰণত সহায় কৰেঃ মুখ্যমন্ত্ৰী সোণোৱাল
নিয়মীয়া বাৰ্তা ১৯ ফেব্ৰুৱাৰীঃ মহানগৰীৰ বীৰকুছিত যোৱা ১৭ ফেব্রুৱাৰীৰ পৰা তিনিদিনীয়া কার্যসূচীৰে অনুষ্ঠিত হৈ থকা কেন্দ্রীয় দেহাল (ৰংকেৰ) কার্চিদম উৎসৱ ২০২০ৰ মঙলবাৰে দ্বিতীয় দিনা এক বর্ণিল সাংস্কৃতিক শোভাযাত্রাই মহামিলনৰ তীর্থভূমিত পৰিণত কৰিলে উৎসৱস্থলী৷ দ্বিতীয় দিনাৰ প্রথম কার্যসূচী হিচাপে শ্বহীদ তর্পণ কার্যসূচী ৰূপায়ণ কৰাৰ পিছতেই উৎসৱস্থলীত এক বর্ণিল বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উন্মোচন কৰে উদযাপন সমিতিৰ কার্যকৰী সভাপতি ৰূপেশ্বৰ পাটৰে৷ উৎসৱথলীৰ পৰা বীৰকুছি হৈ নাৰেংগী তিনিআলিৰ পৰা পুনৰ উৎসৱথলীত সমাপ্ত হোৱা শোভাযাত্রাটোত ধর্ম, বর্ণ, নির্বিশেষে কার্বি, বড়ো, ৰাভা, নেপালী, মিচিং বিহুকে আদি কৰি ৰং–বিৰঙী কলা কৃষ্টি দল ও সংস্কৃতিৱান হাজাৰ হাজাৰ লোকে অংশগ্রহণ কৰে৷ বিয়লি উদ্যাপন সমিতিৰ সভাপতি পৰেশ ৰহাঙে আদৰণী ভাষণ পাঠ কৰা মুকলি সভাখনত সভাপতিত্ব কৰে বিশিষ্ট সমাজসেৱক নবীন ক্র’ৱে৷ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থকা মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কার্বি সমাজখনৰ একতাক ভুয়সী প্রশংসা কৰে৷ মুখ্যমন্ত্রীয়ে কয় যে তেওঁলোকৰ কলাকৃষ্টি সংস্কৃতিয়ে বিশ্বদৰবাত প্রতিষ্ঠা হৈ কার্বি জাতিটোৰ উপৰি ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিব পাৰিব৷ মুখ্যমন্ত্রীগৰাকীয়ে শিক্ষাৰ ক্ষেত্রত অধিক গুৰুত্ব আৰোপ কৰি কয় যে শিক্ষাইহে এটা জাতি এখন সমাজক বিশ্বদৰবাৰত প্রতিষ্ঠিত কৰিব পাৰে৷ আমাৰ ৰাজ্যখনৰ ছাত্র–ছাত্রীসকল যদি যিকোনো উচ্চ শিক্ষাৰে শিক্ষিত হ’ব পাৰে তেনেহ’লে জাতি, ধর্ম, নির্বিশেষে প্রতিটো শ্রেণীৰ জাতিয়ে একত্রিত অসমখনক উত্তৰ–পূর্বাঞ্চলৰে নহয় দক্ষিণ–পূব এছিয়াৰ দুৱাৰমুখলৈ পৰগণিত কৰিব পাৰিম৷ সেয়েহে মুখ্যমন্ত্রীগৰাকীয়ে ৰাজ্যৰ শিক্ষকসকলৰ লগতে অভিভাৱকসকলক শিক্ষাৰ ক্ষেত্রত অধিক গুৰুত্ব দিবলৈ আহ্বান জনায়৷ অভিভাৱকসকলে তেওঁলোকৰ সন্তানক দিনটোৰ ২৪ ঘণ্টাৰ ভিতৰত ১০ ঘণ্টাতকৈ অধিক সময় পঢ়াশুনাত ব্রতী কৰি ৰাখিবলৈ আহ্বান জনায়৷ সদৌ শেষত মুখ্যমন্ত্রীগৰাকীয়ে কার্বি সমাজৰ উন্নয়নৰ বাবে কেবিনেটত আলোচনা কৰি কিছু উল্লেখনীয় পদক্ষেপ গ্রহণ কৰিব বুলি আশ্বাস দিয়ে৷ মুকলি সভাত মুখ্যমন্ত্রীগৰাকীৰ উপৰি পার্বত্য উন্নয়ন মন্ত্রী চুম ৰংহাং, গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক তথা বিশিষ্ট গৱেষক ড০ উপেন ৰাভা হাকাচাম, ডিমৰীয়াৰ ৰজা হলিসিং ৰংহাং বোকাজানৰ বিধায়ক ডাঃ নোমল মমিন প্রমুখ্যে কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকি কার্বি, সমাজৰ ৰীতি–নীতি, পৰম্পৰা কলাকৃষ্টিৰ বিষয়ে চমু আলোকপাত কৰি নিজৰ ভাষণ দিয়াৰ উপৰি কার্বি সমাজৰ সমস্যাৰাজিৰ ওপৰত চমু ভাষণ ৰাখে৷ সন্ধিয়া স্বর্গীয় নবীন চন্দ্র টেৰণ সোঁৱৰণী সাংস্কৃতিক সন্ধিয়াত জনপ্রিয় কণ্ঠশিল্পী কল্পনা পাটোৱাৰী, তৃষ্ণা দেৱীৰ লগতে কেইবাজনো কণ্ঠশিল্পী উপস্থিত থাকি গীতৰ শৰাই আগবঢ়ায়৷