নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নলবাৰীত আত্মসহায়ক গোটৰ ড্ৰোন প্ৰশিক্ষণৰ শুভাৰম্ভ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ

বিশেষ বাৰ্তা, ২ অক্টোবৰ : গ্ৰাম্য উন্নয়নত বিজ্ঞান আৰু প্ৰযুক্তিৰ সদ্ব্যৱহাৰৰ উদ্দেশ্যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বান মর্মে আজি চান্দকুছিস্থিত নলবাৰী পলিটেকনিকত মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই নলবাৰী জিলা প্রশাসনে অসম ৰাজ্যিক গ্রাম্য জীৱিকা অভিযান (ASRLM)-ৰ সহযোগত আয়োজন কৰা মহিলা আত্মসহায়ক গোটৰ সদস্যক ড্ৰোন চালনা আৰু মেৰামতি কৰাৰ প্রশিক্ষণ কার্যসূচী উদ্বোধন কৰে। নলবাৰী জিলাত আৰম্ভ হোৱা এই ৬ দিনীয়া প্রশিক্ষণ পর্বত ৪০গৰাকী মহিলাক ড্ৰোন প্ৰযুক্তিৰ প্রশিক্ষণ দিয়া হ’ব যিয়ে ভূমি জৰীপ, ভূঁই ৰোৱা আদিকে ধৰি কৃষি কার্য সম্পন্ন কৰা আদিত যথেষ্ট সহায় কৰিব। কাৰ্যসূচী উদ্বোধন কৰি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে যে এই কাৰ্যসূচীৰ জৰিয়তে প্ৰথমবাৰৰ বাবে ভাৰতত মহিলা আত্মসহায়ক গোটৰ সদস্যক ড্ৰোন চালনৰ প্ৰশিক্ষণ দিয়া হ’ব। তেওঁ লগতে কয় যে অসমত প্ৰায় ৪০ লাখ আত্মসহায়ক গোটৰ আই মাতৃ আছে যিয়ে তেখেতসকলৰ কামৰ জৰিয়তে নিজক প্ৰতিষ্ঠিত কৰিছে আৰু এনে আধুনিক ড্ৰোন চালনৰ প্ৰশিক্ষণৰ ব্যৱস্থাই তেওঁলোকক আৰু অধিক স্বাৱলম্বী কৰিব। এই প্ৰশিক্ষণ কাৰ্যসূচীৰ সফলতাৰ ওপৰত নিৰ্ভৰ কৰি পৰৱৰ্তী সময়ত অসমৰ আন আন জিলাতো এই কাম আৰম্ভ কৰিব বুলি মন্ত্ৰী বৰুৱাই উল্লেখ কৰে। উল্লেখযোগ্য যে, এই প্ৰথম পৰ্যায়ৰ প্ৰশিক্ষণ গ্ৰহণ কৰা ৪০গৰাকী প্ৰাৰ্থীৰ ভিতৰত ১০গৰাকী প্ৰাৰ্থী পলিটেকনিক উত্তীৰ্ণ। তদুপৰি এই প্ৰশিক্ষণ কাৰ্য সূচাৰুৰূপে সম্পন্ন কৰা প্ৰাৰ্থীক পৰবৰ্তী পৰ্যায়ত মাষ্টাৰ ট্ৰেইনাৰ হিচাপে নিযুক্তি দিয়াৰো সম্ভাৱনা আছে। সভাত জিলা উপায়ুক্ত, ASRLM-ৰ মিছন সঞ্চালক আৰু এই প্ৰশিক্ষণ শিবিৰৰ প্ৰশিক্ষণ দাতা ‘ইণ্ডিয়ান ড্রোন একাডেমি’ৰ মুখ্য কাৰ্যবাহী বিষয়া উপস্থিত থাকে।

You might also like