নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ নগাঁও চহৰৰ আমোলাপট্টিৰ শিৱনগৰৰ অসমীয়া মাধ্যমৰ ব্যক্তিগত খণ্ডৰ অগ্রণী শিক্ষানুষ্ঠান নৱৰূপ জাতীয় বিদ্যালয়ৰ দশম শ্রেণীৰ এজন ছাত্রই ১৫ ফেব্রুৱাৰীত বিদ্যালয়ৰ পাঠদান চলি থকা সময়তে আত্মহত্যা কৰা ঘটনাক কেন্দ্র কৰি প্রতিক্রিয়া আজিও অব্যাহত আছে ৷ ছাত্রজনৰ অস্বাভাৱিক মৃত্যুৰ ঘটনা সন্দর্ভত তদন্ত কৰিবৰ বাবে মঙলবাৰে নগাঁৱৰ নৱৰূপ জাতীয় বিদ্যাপীঠত শিশু অধিকাৰ সুৰক্ষা আয়োগৰ এটা দল উপস্থিত হয় ৷ অসম শিশু অধিকাৰ সুৰক্ষা আয়োগৰ অধ্যক্ষা ড০ সুনীতা চাংকাকতিৰ নেতৃত্বত অহা আয়োগৰ দলটোৱে বিদ্যালয়খনত ছাত্র–ছাত্রীৰ নিৰাপত্তা আৰু সুৰক্ষাৰ দিশটো তন্ন তন্নকৈ পৰীক্ষা কৰে ৷ লগতে ঘটনাটো সন্দর্ভত বিদ্যালয়খনৰ ছাত্র–ছাত্রী আৰু শিক্ষক–শিক্ষয়িত্রীৰ সাক্ষ্যও গ্রহণ কৰে ৷ ইপিনে, বিদ্যালয় কর্তৃপক্ষই বিদ্যালয়ৰ স্বাভাৱিক পৰিৱেশ ঘূৰাই আনিবৰ বাবে আত্মহত্যা কৰা ছাত্রগৰাকীয়ে অধ্যয়ন কৰা শ্রেণীকোঠাটোত হোমযজ্ঞ অনুষ্ঠিত কৰে ৷ আজিৰ পৰা বিদ্যালয়খনৰ নিয়মীয়া পাঠদান পুনৰ আৰম্ভ হ’ব বুলি জানিব পৰা গৈছে ৷