নিয়মীয়া বার্তা, ১৯ ফেব্রুৱাৰীঃ কামৰূপ জিলাৰ ছয়গাঁৱত আৰু ছয়গাঁৱৰ ভিন্ন প্রান্তত কামৰূপ জিলা প্রশাসন, কামৰূপ জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী বিভাগে যান –বাহন আইন নমনা যান–বাহনৰ বিৰুদ্ধে মঙলবাৰে তালাচী অভিযান চলায় ৷ দিনৰ ১১.৩০ বজাত ছয়গাঁও থানাৰ সন্মুখত পৰিবহণ বিভাগৰ বিষয়াসকলে যান–বাহন আইন নমনা যান–বাহনসমূহৰ বিৰুদ্ধে অভিযান চলাই একাংশ গাড়ীৰ পৰা কৰ সংগ্রহ কৰে ৷ ইয়াৰ পাছতে ছয়গাঁৱৰ নতুন জাৰাবাৰী, ঠাকুৰপাৰা, গুমি, মাজগুমি আদি বিভিন্ন অঞ্চলত তালাচী চলাই ৩ লাখ টকা ৰাজহ সংগ্রহ কৰিবলৈ সক্ষম হয় ৷ এই তালাচী অভিযানত উপস্থিত থাকি কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসে সাংবাদিকৰ আগত কয় যে চৰকাৰে ৰাজহ সংগ্রহৰ লক্ষ্য বান্ধি দিছে আৰু সেই লক্ষ্যত উপনীত হ’বৰ বাবে চেষ্টা চলোৱা হৈছে ৷ উল্লেখ্য যে যান–বাহন আইন ভংগকাৰী বাহন যেনে– পার্মিট নোহোৱা, ফিটনেছ নোহোৱা, বীমা নোহোৱা, প্রদূষণৰ প্রমাণ–পত্র নোহোৱা গাড়ীসমূহৰ ওপৰত জিলা প্রশাসন, জিলা পৰিবহণ বিভাগ আৰু আৰক্ষী প্রশাসনৰ লগত এই অভিযান চলোৱা পৰিবহণ বিষয়াই সদৰী কৰে ৷ এই যান–বাহন আইন ভংগকাৰী বাহনসমূহ যদি কেতিয়াবা দুর্ঘটনাগ্রস্ত হয় তেতিয়াহ’লে কোনো লোকে বীমাৰ সুবিধা বা ক্ষতিপূৰণ নাপাব ৷ এই গাড়ীসমূহত পৰিভ্রমণ কৰাৰ আগত পৰীক্ষা কৰিহে উঠিবলৈ দিয়ে ৷ মালিক, চালক আৰু সন্থাসমূহক ইয়াৰ বাবে সজাগ হ’বলৈ বিষয়াগৰাকীয়ে কয় ৷ যান–বাহনৰ কৰ দিলেহে চৰকাৰে ৰাস্তা–পদূলি বনাব পাৰিব ৷ যান–বাহনৰ কৰ নিদিলে চৰকাৰে ৰাস্তা–পদূলি কিদৰে বনাব বুলি কয় ৷ গাড়ীসমূহে কৰ–কাটল দিলেহে ৰাজহ বৃদ্ধি হ’ব আৰু তেতিয়াহে চৰকাৰে উন্নতি কৰিব পাৰিব বুলি উল্লেখ কৰে ৷ মঙলবাৰে এই অভিযানত গাড়ীৰ আৰ চি, চালকৰ অনুজ্ঞাপত্র, প্রদূষণৰ প্রমাণ–পত্রৰ লগতে এল্ট’ , ডি আই, ডাম্পাৰ, ট্ৰাক, বাছ, মেজিককে ধৰি মুঠ ১৭খন গাড়ী পৰিবহণ বিভাগে জব্দ কৰিবলৈ সক্ষম হয় ৷ এই অভিযানকালত উপস্থিত থাকে পৰিবহণ বিভাগৰ বিষয়া ৰঞ্জিত গগৈ, ৰমাকান্ত পাছি, জয়ন্ত পাটগিৰিৰ লগতে জিলা প্রশাসন, আৰক্ষী বিভাগৰ বিষয়া–কর্মচাৰী উপস্থিত থাকে ৷ আনহাতে, পৰৱর্তী সময়ত পুনৰ অভিযান চলোৱা হ’ব বুলি কামৰূপ জিলাৰ পৰিবহণ বিষয়া গৌতম দাসে সদৰী কৰে ৷