নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সম্ভাব্য বান পৰিস্থিতিৰ সৈতে মোকাবিলাৰ বাবে বৰপেটা প্রশাসনৰ তৎপৰতা

বিভাগীয় মুৰব্বীৰে গুৰুত্বপূর্ণ বৈঠক উপায়ুক্তৰ

নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ বাৰিষাকালত বৰপেটা জিলাত হ’ব পৰা বান পৰিস্থিতিৰ সঠিকভাৱে মোকাবিলা কৰাৰ বাবে মঙলবাৰে জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত এখন গুৰুত্বপূর্ণ সভা অনুষ্ঠিত হয় ৷ জিলা উপায়ুক্ত মুনীন্দ্র শর্মাৰ সভাপতিত্বত অনুষ্ঠিত সভাখনত জিলাখনত হ’ব পৰা বান–দুর্যোগৰ ক্ষেত্রত ল’বলগীয়া সাৱধানতা আৰু প্রস্তুতি আদিৰ বিষয়ে সকলো বিভাগীয় মুৰব্বী বিষয়া আৰু চক্র বিষয়াসকলৰ সৈতে বিস্তৃতভাৱে আলোচনা কৰা হয় ৷ জিলা উপায়ুক্তৰ কার্যালয়ৰ সভাকক্ষত অনুষ্ঠিত সভাখনত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক সম্ভাব্য বান দুর্যোগৰ সময়ত ৰাইজক তৎকালীনভাৱে চিকিৎসা সাহায্য আগবঢ়োৱাৰ বাবে পর্যাপ্ত চিকিৎসকৰ দল সাজু কৰি ৰখাৰ লগতে ঔষধৰ যোগান অব্যাহত থকাটো নিশ্চিত কৰিবলৈ নির্দেশ দিয়া হয় ৷ একেদৰে জনস্বাস্থ্য কাৰিকৰী বিভাগকো জৰুৰীকালীন অৱস্থাত পর্যাপ্ত খোৱাপানী যোগান নিশ্চিত কৰিবলৈ উপায়ুক্তই নির্দেশ দিয়ে ৷ বানৰ সময়ত আৱশ্যকীয় পশু খাদ্যৰ যোগান পর্যাপ্ত পৰিমাণে মজুত ৰখাৰ বাবে যোগান বিভাগক নির্দেশ দিয়া হয় ৷ তদুপৰি দুর্বল মথাউৰি সমূহ শীঘ্রে মেৰামতিৰ ব্যৱস্থা কৰিবলৈও জলসম্পদ বিভাগক নির্দেশ দিয়া হয় ৷ অনুৰূপ ধৰণে অন্যান্য সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় ব্যৱস্থা গ্রহণৰ পৰামর্শ দিয়া হয় ৷ আগন্তুক বান–দুর্যোগৰ সময়ত ৰাইজৰ দুখ–দুর্দশা যাতে যথাসম্ভব কম হয়, তাৰ বাবে সকলো বিভাগক সুসংহত কার্য–আঁচনি প্রস্তুত কৰিবলৈ উপায়ুক্ত শর্মাই নির্দেশ দিয়ে ৷ সভাত জিলা উন্নয়ন আয়ুক্ত ডাঃ বাবুল চহৰীয়া, বজালী মহকুমাৰ মহকুমাধিপতি নয়নজ্যোতি ভাগৱতী, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শর্মা প্রমুখ্যে জিলাখনৰ সকলো বিভাগীয় বিষয়া আৰু চক্র বিষয়াও উপস্থিত থাকে ৷

You might also like