নিয়মীয়া বাৰ্তা, ১৯ ফেব্রুৱাৰীঃ তেজপুৰত আৰক্ষীৰ জালত কুখ্যাত নকল সোণ ব্যৱসায়ী ৷ ভুক্তভোগীৰ অভিযোগৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে নকল সোণসহ গ্রেপ্তাৰ কৰিছে নুৰজামাল আলীক ৷ তেজপুৰৰ বৰঘাট আৰক্ষী চকীৰ অন্তর্গত কুৰকানিৰ নুৰজামালসহ এটা দলে দীর্ঘদিন ধৰি বিভিন্ন ছলাহী কথাৰে মানুহক ফোনযোগে সোণ ক্রয় কৰিবলৈ প্রলোভিত কৰি আহিছিল ৷ শেহতীয়াকৈ নুৰজামাল বাহিনীৰ জালত ভৰি দি প্রৱঞ্চনাৰ সন্মুখীন হোৱা এজন ভুক্তভোগী লোক আৰক্ষীৰ কাষ চাপে আৰু ভুক্তভোগী লোকজনৰ অভিযোগৰ ভিত্তিতেই আৰক্ষীয়ে অভিযান চলাই নুৰজামালক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ সম্প্রতি আত্মগোপন কৰা প্রৱঞ্চক সতীর্থক কৰায়ত্ত কৰাৰ বাবে আৰক্ষীয়ে নুৰজামালক জেৰা অব্যাহত ৰাখিছে আৰু জেৰাৰ অন্তত আদালতত হাজিৰ কৰোৱাই ন্যায়িক জিম্মালৈ প্রেৰণ কৰিব বুলি শোণিতপুৰৰ অতিৰিক্ত আৰক্ষী অধীক্ষক নোমল মাহাতাই সংবাদ মাধ্যমক জানিব দিয়ে ৷
Next Post