নিয়মীয়া বাৰ্তা, ৭ অক্টোবৰ : বজালী জিলা গঠনক লৈ সৃষ্টি হোৱা বাদ-বিবাদ এতিয়াও শাম কটা নাই । তাৰ ফলশ্ৰুতিতে আজি বজালী জিলাৰ অন্তৰ্গত পুৰণ ভৱানীপুৰৰ ঐতিহাসিক শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰ চৌহদত অসম সত্ৰ মহাসভাৰ বিষয়ববীয়া, কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰ, সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে ৰাইজে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে ৰাজ্য চৰকাৰে বজালী জিলাৰ পৰা কৰ্তন কৰিব বিচৰা ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিক নৱগঠিত বজালী জিলাত অন্তৰ্ভুক্ত তথা সংলঘ্ন কৰাৰ দাবীত বজালী জিলা সুৰক্ষা সমিতিৰ উদ্যোগত অসম সত্ৰ মহাসভাৰ সভাপতিকে ধৰি কেইবাগৰাকীও বিষয়ববীয়া, বজালীৰ কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰৰ লগতে সামাজিক অনুষ্ঠান-প্ৰতিষ্ঠানৰ বিষয়ববীয়াকে ধৰি পাঁচ শতাধিক লোকে পুৰণ ভৱানীপুৰৰ শ্ৰীশ্ৰী গোপালদেৱ আতাৰ সত্ৰ চৌহদত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে। দিনৰ এঘাৰ বজাৰ পৰা তিনি বজালৈকে অনুষ্ঠিত চাৰিঘণ্টীয়া অৱস্থান ধৰ্মঘটত ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিক নৱগঠিত বজালী জিলাত সংলগ্ন কৰাৰ জোৰদাৰ দাবী উত্থাপন কৰে। চাৰিঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত অসম সত্ৰ মহাসভাৰ সভাপতি জিতেন্দ্ৰ নাথ প্ৰধানী, উপ-সভাপতি তথা ধূপগুৰি সত্ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰসেনজিৎ মেধি, বজালী জিলা সত্ৰ মহাসভাৰ সভাপতি তথা শ্ৰীশ্ৰী গোপালদেৱ আতা সত্ৰ পৰিচালনা সমিতিৰ সভাপতি ধীৰেন্দ্ৰনাথ বৰ্মন, বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ চন্দ্ৰ অধিকাৰী, চৈবাৰী সত্ৰৰ সত্ৰাধিকাৰ গণেশ চন্দ্ৰ মেধি, গুৱাগাছা সত্ৰৰ সত্ৰাধিকাৰ টিকেন চন্দ্ৰ অধিকাৰী, মদন মোহন গোসাঁই থান সত্ৰৰ সত্ৰাধিকাৰ মহেশ দাস, ভৱানীপুৰ সত্ৰ পৰিচালনা সমিতিৰ সভাপতি চণ্ডী প্ৰসাদ দাস, হাউলীৰ পোৰাভড়াল সত্ৰৰ সত্ৰাধিকাৰ ধৰণীধৰ দাস, সৰভোগৰ বিশিষ্ট নাগৰিক প্ৰবীণ শৰ্মা, সৰুপেটাৰ বিশিষ্ট নাগৰিক অৰবিন্দ বৰ্মন, বজালী জিলা সুৰক্ষা সমিতিৰ সভাপতি গিৰিধৰ চৌধুৰী, সম্পাদকদ্বয় বিজন বায়ন, সমুদ্ৰ পাটগিৰিয়ে বক্তৃতা প্ৰদান কৰি চৰকাৰে শীঘ্ৰে বজালী জিলাক পূৰ্ণাংগ ৰূপত উপস্থাপন কৰি ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিক বজালী জিলাত সংলগ্ন কৰাৰ জোৰদাৰ দাবী উত্থাপন কৰে। আনহাতে, বজালী জিলা পূৰ্ণাংগ ৰূপত গঠন আৰু ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিক বজালী জিলাত অন্তৰ্ভুক্ত নকৰালৈকে বজালী জিলা সুৰক্ষা সমিতিৰ উদ্যোগত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰে প্ৰতিবাদ অব্যাহত থাকিব বুলিও বজালী জিলা সুৰক্ষা সমিতিৰ সম্পাদক বিজন বায়নে অৱস্থান ধৰ্মঘটস্থলীত সাংবাদিকৰ আগত ঘোষণা কৰে।
প্ৰেৰক ভূষণ তালুকদাৰ