নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰ : শেহতীয়াকৈ বৃহত্তৰ নগৰবেৰা অঞ্চলত অব্যাহত আছে বালিৰ বৃহৎ ছিণ্ডিকেট। একাংশ অসাধু ব্যৱসায়ীয়ে দিনে-নিশাই জলপথ, স্থলপথ উভয়েৰে নিতৌ বালি সৰবৰাহ কৰি অঞ্চলজুৰি ব্যৱসায়ৰ সম্প্ৰসাৰণ ঘটাইছে | চালানবিহীনভাৱেই এইদৰে বালি ব্যৱসায় চলাই থকাৰ মাজতে আজি পুৱাৰ ভাগত নগৰবেৰা বনাঞ্চলিক কাৰ্যালয়ৰ বনাঞ্চলিক বিষয়া শিৱাশিস চাণ্ডিল্যৰ নেতৃত্বত যোৱা এটা দলে জলজলী নৈৰ বুকুৰ পৰা এখন অবৈধ বালিভৰ্তি নাও জব্দ কৰিবলৈ সক্ষম হয় | নাও ,ট্ৰেক্টৰ কিম্বা পিকআপ ভানেৰে অহৰহ অবৈধ ৰঙা-বগা বালি সৰবৰাহ কৰি থকাৰ মাজতে বন বিভাগৰ আজিৰ এই সফলতা দেখি আগলৈ অসাধু ব্যৱসায়ী চক্ৰ কিছু শংকিত হ’ব বুলি সচেতন মহলে ধাৰণা কৰিছে আৰু আগলৈ এই অবৈধ বেহাৰ ক্ষেত্ৰত সদাসষ্টম হ’বলৈ বন বিভাগক আহ্বান জনাইছে |
প্ৰেৰক সঞ্জীৱ কুমাৰ দাস