🔹 বিশ্ব ঐতিহ্য ক্ষেত্রৰ স্বীকৃতিলৈ এখোজ বাকী
নিয়মীয়া বার্তা, ৯ অক্টোবৰ : ছশ বছৰীয়া আহোম ৰাজত্বকালৰ প্রথম ৰাজধানী ঐতিহাসিক চৰাইদেউ মৈদামস্থলী বিশ্ব ঐতিহ্য ক্ষেত্রত অন্তর্ভুক্তিৰ বাবে ইউনেস্ক’ৰ বিশেষ শাখা ইণ্টাৰনেচনেল কাউঞ্চিল অৱ মনুমেণ্টছ এণ্ড ছায়েঞ্চৰ বিশেষজ্ঞ অর্থাৎ উত্তৰ–পূব এছিয়াৰ ইউনেস্ক’ৰ বিশেষজ্ঞ প্রতিনিধি ছিংগাপুৰৰ লিম চিং চিয়াঙে কালি দ্বিতীয় দিনা চৰাইদেউ মৈদামথলী পর্যবেক্ষণৰ বাবে শিৱসাগৰৰ পৰা আহি মৈদাম ক্ষেত্রত উপস্থিত হয়৷ পুৱাৰে পৰা পর্যবেক্ষকগৰাকীয়ে বিস্তৃতভাৱে মৈদাম ক্ষেত্রৰ সকলো বিষয় সামৰি পর্যবেক্ষণ সম্পন্ন কৰে৷ কেন্দ্রীয় পুৰাতত্ত্ব বিভাগ আৰু ৰাজ্যিক প্রত্নতত্ত্ব বিভাগৰ শীর্ষ বিষয়াবর্গৰ লগতে ৰাজ্য চৰকাৰে নিয়োগ কৰা দেশৰ বিশিষ্ট সাংস্কৃতিক বিশেষজ্ঞ, বিখ্যাত প্রত্নতত্ত্ববিদ প্রফেছৰ ড০ কিষাণ চান্দ নৰিয়ালে ইউনেস্ক’ৰ পর্যবেক্ষকগৰাকীক মৈদাম এলেকাৰ ক’ৰ জ’নৰ মৈদামসমূহ দেখুৱাই ইয়াৰ বিভিন্ন গঠন, বৈশিষ্ট্য আৰু ঐতিহাসিক তথ্য মূল্য আদি বিষয়ত ব্যাখ্যা দাঙি ধৰে৷ পর্যবেক্ষকগৰাকীয়ে মৈদাম ক্ষেত্রৰ প্রতিটো ঐতিহাসিক সমল সূক্ষ্মভাৱে পর্যবেক্ষণ কৰাৰ লগতে পুৰাতাত্ত্বিক খননকার্য চলি থকা এটা মৈদামৰ অভ্যন্তৰত প্রৱেশ কৰি বিভিন্ন তথ্য সংগ্রহ কৰে৷ মন কৰিবলগীয়া যে পর্যবেক্ষকগৰাকীয়ে সংশ্লিষ্ট মৈদামটোৰ পৃষ্ঠভাগ তিনি তৰপীয়া ইটাৰে সজোৱাৰ তথ্য সংগ্রহৰ লগতে মৈদামটোৰ চাৰিওকাষে অষ্টভুজাকৃতিৰ ইটাৰে নির্মিত বেৰা থকাটো বিশেষভাৱে লক্ষ্য কৰি এয়া সূক্ষ্মভাৱে নিৰীক্ষণ কৰে৷ আজি পুৱাৰে পৰা বিয়লিপর্যন্ত বিশেষজ্ঞগৰাকীয়ে ক’ৰ জ’নত থকা বিভিন্ন মৈদামৰ আকৃতি, উচ্চতা, খননত উদ্ধাৰ হোৱা শিল, ইটা আৰু নানা ঐতিহাসিক মূল্য বিজড়িত বিভিন্ন সমল চোৱাৰ লগতে মৈদাম প্রক্রিয়াত অন্তর্নিহিত হৈ থকা সমগ্র বিষয়ৰ তথ্য বিভাগীয় শীর্ষ বিষয়াবর্গৰ তৰফৰ পৰা সংগ্রহ কৰে৷ ইয়াৰ মাজতে বিশেষজ্ঞগৰাকীয়ে মৈদাম প্রাংগণত থকা সংগ্রহালয়টো পর্যবেক্ষণ কৰি ইয়াত সঞ্চিত হৈ থকা বিভিন্ন ঐতিহাসিক সমলৰ তথ্য সংগ্রহ কৰাৰ লগতে কেন্দ্রীয় পুৰাতত্ত্ব বিভাগৰ অধীনত থকা মৈদাম ক্ষেত্রত প্রৱেশ কৰি বিভিন্ন তথ্য সংগ্রহ কৰে৷ সন্ধিয়া বিশেষজ্ঞগৰাকীক প্রশাসন আৰু বিভাগীয় কর্তৃপক্ষই চলাপথাৰ শ্যাম গাঁৱলৈ লৈ যায়৷ ইয়াত ইউনেস্ক’ৰ প্রতিনিধিগৰাকীক বিপুলভাৱে সম্বর্ধনা জনোৱা হয়৷ টাই খাময়াং জনগোষ্ঠীৰ বসতিপ্রধান চলাপথাৰ শ্যাম গাঁৱৰ ৰাইজে ইউনেস্ক’ৰ বিশেষজ্ঞগৰাকীক বিশেষভাৱে আদৰণি জনায়৷ ইয়াৰ পাছতে স্থানীয় ৰাইজে পৰম্পৰাগত টাই খাময়াংসকলৰ বিহু, নৃত্য-গীত-মাতৰ উপৰি প্রাকৃতিকভাৱে গছপাতেৰে সজা ফুলৰ থোপাৰে অতিথিগৰাকীক উষ্ণ আদৰণি জনায়৷ গাঁওখনৰ সুপ্রিয়া শ্যামে চলাপথাৰ শ্যাম গাঁৱৰ ঐতিহ্য সন্দর্ভত ইউনেস্ক’ৰ বিশেষজ্ঞগৰাকীক চমু আভাস দাঙি ধৰে৷ নিশা বিশেষজ্ঞগৰাকীয়ে জনগোষ্ঠীয় পৰম্পৰাগত টোপোলা ভাতৰ লগতে শুকান গাহৰি, সিদ্ধ গাহৰি, কুকুৰা সিদ্ধ, মাছ সিদ্ধ, কোমোৰা সিদ্ধ, কলডিলৰ ভাজি, বন্ধাকবি বইল, পনীৰ ভাজি, খাই লং ভাজি, চালাড, ফ্রুট চালাড, জলকীয়া পিটিকা, চালাড আৰু গৰৈ মাছৰ পিটিকাৰ জুতি লৈ নৈশ আহাৰ গ্রহণ কৰে৷