নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৃষ্ণাইত দাওদাওকৈ জ্বলিল মালভৰ্তি বাহন

নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ গোৱালপাৰাৰ কৃষ্ণাইৰ বিদ্যাপাৰাত কালি মাজ নিশা সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড ৷ হঠাৎ দাওদাওকৈ জ্বলি উঠিল ৰখাই থোৱা দুখন মালভৰ্তি বাহন ৷ লগে লগে বিদ্যাপাৰাত হুলাদুৱাৰ সৃষ্টি হয়৷ জানিব পৰা মতে, বিদ্যাপাৰা বজাৰত AS-18AC-4124 আৰু AS-18AC-4700 নম্বৰৰ মহেন্দ্ৰ জীটো প্লাছ বাহন দুখন পুৱা মেঘালয়ত হাট কৰিবলৈ লেপ-টুলি, প্লাষ্টিকৰ চেয়াৰ, বিভিন্ন প্লাষ্টিকৰ সামগ্ৰী ভৰ্তি কৰি ৰাখিছিল৷ তেনে সময়তে যোৱানিশা হঠাৎ বাহন দুখন দাওদাওকৈ জ্বলি উঠে ৷ স্থানীয় লোকে প্ৰত্যক্ষ কৰি জুই নুমুৱাবলৈ চেষ্টা কৰে যদিও বিফল হয়৷ পিছত ঘটনাৰ সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ জুই নমুৱাবলৈ সক্ষম হয় ৷ বাহন দুখনত থকা লেপ-টুলি, প্লাষ্টিকৰ চেয়াৰ, বাচন-বৰ্তন আদি সকলো সামগ্ৰী জুইত জাহ যায়৷ লাখ লাখ টকাৰ সামগ্ৰী বিনষ্ট হয় অগ্নিকাণ্ডত৷ কোনো দুৰ্বৃত্তই পৰিকল্পিত ভাৱে বাহন দুখনত অগ্নি সংযোগ কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে৷ কাৰণ একেলগে দুখন বাহন একে সময়তে অগ্নিকাণ্ড সংঘটিত হব নোৱাৰে বুলি বাহন দুখনৰ মালিকে প্ৰকাশ কৰে ৷

প্ৰেৰক বেনজিন বড়ো

You might also like