ধুবুৰীত পৰীক্ষণ অবিহনেই বাংলাদেশলৈ আমদানি-ৰপ্তানি!
নিয়মীয়া বাৰ্তা, ৯ অক্টোবৰঃ ভাৰত চৰকাৰৰ ‘‘লেণ্ড পোৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়া এক্ট, ২০১০ অনুসৰি আন্তঃৰাষ্ট্ৰীয় বাণিজ্য চলা দেশৰ যিকোনো আন্তঃৰাষ্ট্ৰীয় স্থল বন্দৰলৈ অহা যোৱা কৰা মালবাহী বাহন পৰীক্ষণৰ বাবে স্কেনাৰ অথৱা এক্সৰে মেছিন থকাটো বাধ্যতামূলক। কিন্তু ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত–বাংলাদেশ সীমান্তৰ সমীপৰ সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্য কেন্দ্ৰৰে নিতৌ বাংলাদেশলৈ অহা যোৱা কৰি থকা শতাধিক ট্ৰাকৰ পৰীক্ষণৰ বাবে নাই কোনো ধৰণৰ স্কেনাৰ, এক্সৰে মেছিন অথৱা অইন কোনো আধুনিক ব্যৱস্থাপনা। ফলত স্বাভাৱিক ভাৱেই ভাৰত চৰকাৰৰ ‘লেণ্ড পোৰ্ট অথ’ৰিটি অৱ ইণ্ডিয়া এক্ট, ২০১০’’ৰ এটা গুৰুত্বপূৰ্ণ দফা সম্পূৰ্ণ ৰূপে উলংঘা কৰি কিদৰে সোনাহাট বাণিজ্যিক কেন্দ্ৰৰে আন্তঃৰাষ্ট্ৰীয় আমদানি–ৰপ্তানি চলি আছে সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন ৰূপে উঠি আহিছে। উল্লেখ্য যে, ২০০১ চনত ভাৰতৰ পৰা কয়লা আৰু বোল্ডাৰ আমদানী কৰিবলৈ বাংলাদেশৰ সৈতে হোৱা এক চুক্তিনুসৰি ধুবুৰী জিলাৰ ভাৰত-বাংলাদেশ সীমান্তৰ গোলকগঞ্জ চেক্টৰত সীমান্তত নিৰ্মাণ কৰা হৈছিল এই বিশেষ বাণিজ্যিক কেন্দ্ৰটো৷ চুক্তি স্বাক্ষৰিত হোৱাৰ প্ৰায় ১৩ বছৰ পিছত ২০১৪ চনৰ ২৮ এপ্ৰিলৰ দিনা সোনাহাট আন্তঃৰাষ্ট্ৰীয় বাণিজ্যিক কেন্দ্ৰটো আনুষ্ঠানিক ভাৱে মুকলি কৰা হৈছিল৷ উল্লেখ্য যে, সোনাহাট বাণিজ্যিক কেন্দ্ৰটোৰ পৰা অনুমতি লৈ শিল–বোল্ডাৰ ভৰ্তি ট্ৰাক ভাৰতৰ পৰা সীমান্ত পাৰ হৈ বাংলাদেশৰ কুৰিগ্ৰাম জিলালৈ প্ৰৱেশ কৰে৷ সীমান্তৰ ভাৰতীয় অংশৰ পৰা বাংলাদেশৰ ভিতৰলৈ আনুমানিক ২০০/২৫০ মিটাৰ প্ৰৱেশ কৰা সেই ট্ৰাকবোেৰ দেশখনৰ কুৰিগ্ৰাম জিলাৰ ভূৰুংগামাৰীৰ ‘সোনাহাট স্থল বন্দৰ’ত বোল্ডাৰ–পাথৰবোৰ “আনলোড” কৰাৰ পিছত পুনৰ উভতি আহে ভাৰতলৈ৷ কিন্তু তাৎপৰ্যপূৰ্ণ বিষয় এয়াই যে, সোনাহাট আৰু বাংলাদেশৰ ভূৰুংগামাৰিলৈ যাতায়ত কৰা সেই ট্ৰাকবোৰ পৰীক্ষা কৰা হয় “মেনুৱেল” পদ্ধতিৰে৷ ফলত স্বাভাৱিক ভাৱেই সোনহাট সীমান্তত প্ৰহৰাৰত সীমান্ত সুৰক্ষা বাহিনী (বিএছএফ)ৰ জোৱানে বাংলাদেশৰ ভূৰংগামাৰীলৈ যাত্ৰা কৰা পাথৰ অথৱা বোল্ডাৰবাহী ট্ৰাকসমূহত লোৰ শলাকাৰে কৰা ‘ৰেণ্ডম’ পদ্ধতিৰ সেই তালাচী কিমান বিজ্ঞানসন্মত অথৱা ‘ফুল প্ৰুফ’সেয়া লৈও আছে এক প্ৰশ্ন চিহ্নৰ। অনুৰূপে বাংলাদেশৰ ভূৰুংগামাৰীৰ সোনাহাট স্থল বন্দৰৰ পৰা ভাৰত তথা সোনাহাট আন্তঃৰাষ্টীয় বাণিজ্যিক কেন্দ্ৰলৈ অহা ট্ৰাকবোৰ পৰীক্ষণৰ কোনো ধৰণৰ অত্যাধুনিক ব্যৱস্থা নাই ‘বাংলাদেশ বৰ্ডাৰ গাৰ্ডচ’ (বিজিবি)ৰো। উল্লেখ্য যে, বিগত বৰ্ষৰ অৰ্থাৎ ২০২২ বৰ্ষৰ ১০ নৱেম্বৰৰ দিনা সোনাহাট বাণিজ্য কেন্দ্ৰৰ পৰা বাংলাদেশৰ ভূৰুংগামাৰী স্থল বন্দৰ গামীপথেৰে অনায়াসে আন্তঃৰাষ্ট্ৰীয় সীমা পাৰ হৈ মটৰ চাইকেলেৰে যুৱক এজনে বাংলাদেশত প্ৰৱেশ কৰাৰ এক ঘটনাও সংঘটিত হৈছিল। ঘটনাটোৱে সীমান্তৰ সোনাহাটৰ পৰা বাংলাদেশলৈ অহা–যোৱা কৰা ট্ৰাকসমূহৰ পৰীক্ষণৰ বাবে নিয়োজিত প্ৰহৰাৰত বিএছএফৰ বেহু ফালি দিনৰ পোহৰতে কিদৰে সেই যুৱকজন বাংলাদেশলৈ যাব পাৰিলে সেই সময়ত সেয়াও এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ উঠি আহিছিল। অৱশ্যে ধুবুৰী জিলাৰ গোলকগঞ্জ বিধানসভা সমষ্টিৰ ঝসকাল তৃতীয় খণ্ডৰ বাসিন্দা সেই যুৱকজনক বাংলাদেশৰ অৰ্ধসামৰিক বাহিনী বোৰ্ডাৰ গাৰ্ড বাংলাদেশে সিদিনা নিতাই বিএছএফক চমজাই দিছিল। কিন্তু সিদিনাৰ সেই ঘটনাই সোনাহাটৰ পৰা বাংলাদেশৰ ভূৰুংগামাৰিলৈ নিতৌ অহা যোৱা কৰা শ শ ট্ৰাকবোৰৰ তালাচীৰ নামত চলি থকা ফোপোলা স্বৰূপ উদঙাই দিয়া বুলি স্থানীয় ভূৰখা মহল একাংশত চৰ্চা লভা পোৱা গৈছিল। তাৰেই পৰিপ্ৰেক্ষিতত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ আভ্যন্তৰীন নিৰাপত্তাৰ প্ৰতি লক্ষ্য ৰাখি ধুবুৰী জিলাৰ ভাৰত–বাংলাদেশ সীমান্তৰ সোনাহাট বাণিজ্যিক কেন্দ্ৰৰ পৰা বাংলাদেশলৈ অহা–যোৱা ট্ৰাকসমূহত তালাচী চলোৱাৰ বাবে অত্যাধুনিক পৰীক্ষণ ব্যৱস্থাপ্ৰণালী স্থাপন কৰাৰ প্ৰয়োজনীয়তা থকা বুলিও উচ্চাৰিত হৈছিল যদিও আজিলৈ সেয়া হৈ উঠা নাই সোনাহাটত।
প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী