বিশেষ বাৰ্তা, ১১ অক্টোবৰঃ সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখনে আজি আনুষ্ঠানিকভাৱে দায়িত্বভাৰ চমজি লয়। এই উপলক্ষে আজি নলবাৰী শ্বহীদ ভৱন বাকৰিত মুকলি আকাশৰ তলত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সদ্য প্ৰাক্তন সাধাৰণ সম্পাদক অক্ষয় ডেকাই আঁত ধৰা অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক ভৱজিত বেজবৰুৱা, ৰাজ্যিক কাৰ্যনিৰ্বাহক ৰিয়াজুদ্দিন আহমেদ, অসম উন্নতি সভাৰ উপসভাপতি সুকুমাৰ শৰ্মা, নলবাৰী জিলা ছাত্ৰ সন্থাৰ সদ্য বিদায়ী সভাপতি গুণজ্যোতি পাঠক, অসম সেনাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক কন্দৰ্প শৰ্মা, হিমজ্যোতি ভূঞা, নলবাৰী জিলা উন্নতি সভাৰ সভাপতি হোমেশ্বৰ তালুকদাৰ, সাধাৰণ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা , অসম সেনাৰ নলবাৰী জিলাৰ মুখ্য আহবয়ক বিৰাজ গোস্বামীয়ে আদি উপস্থিত থাকি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ নৱনিৰ্বাচিত উপদেষ্টা উৎপল কলিতা সভাপতি নিৰুজুদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্তকে ধৰি নতুন সমিতিক শুভেচ্ছা জনায়। আজিৰ উক্ত অনুষ্ঠানত পুৰণি সমিতিয়ে নতুন সমিতিক দায়িত্ব ভাৰ অৰ্পণ কৰে। নলবাৰী জিলাৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিশিষ্ট ব্যক্তি উপস্থিত থকা অনুষ্ঠানটোত নৱনিৰ্বাচিত সভাপতি, সাধাৰণ সম্পাদক ক্ৰমে নিৰুজুদ্দিন আহমেদ আৰু সমৰজ্যোতি মহন্তই অনাগত দিনসমূহত নলবাৰী জিলাৰ সৰ্বত্ৰ ৰাইজৰ সহযোগিতা কামনা কৰে।উল্লেখ্যযে, যোৱা ২৯, ৩০ ছেপ্তেম্বৰত জিলাখনৰ পশ্চিম চামতা হাইস্কুলত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ একবিংশতম পশ্চিম নলবাৰী অধিবেশনখন অনুষ্ঠিত হয়। উক্ত অধিবেশনতেই সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ নতুন সমিতিখন গঠন কৰা হয়।
প্ৰেৰক অৰূপ ৰঞ্জন বৰ্মন