বাৰ্তা বুৰো, ১১ অক্টোবৰ : সমগ্ৰ ৰাজ্যৰ লগতে আজি মৰিগাঁও জিলাতো অৰুণোদয় ২.০ আঁচনিখন আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। এই উপলক্ষে মৰিগাঁও স্কুল খেলপথাৰত আয়োজিত অনুষ্ঠানত জিলাখনৰ বিভিন্ন ঠাইৰ পৰা অহা ১০ সহস্ৰাধিক মহিলাৰ উপস্থিতিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, তথ্য-প্ৰযুক্তি ইত্যাদি বিভাগৰ মন্ত্ৰী তথা মৰিগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই ১০গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে অনুমোদন পত্ৰ প্ৰদান কৰে। অনুষ্ঠানত দিয়া ভাষণত মন্ত্ৰীগৰাকীয়ে প্ৰথমেই উৎকত গৰমতো জিলাখনৰ বিভিন্ন ঠাইৰ পৰা আহি সমবেত হোৱা মহিলাসকলক ধন্যবাদ জ্ঞাপন কৰে। তেওঁ কয় যে অৰুণোদয় আঁচনিৰ অধীনত জিলাখনত মুঠ ৬৭,০০০ গৰাকী হিতাধিকাৰী উপকৃত হৈছে। প্ৰথম পৰ্যায়ত জিলাখনত ৪৬৯২৯ গৰাকী হিতাধিকাৰী আৰু দ্বিতীয় পৰ্যায়ত ২০০৭১ গৰাকী হিতাধিকাৰীক এই আঁচনিৰ অধীনত সামৰি লোৱা হৈছে। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দায়িত্ব লোৱাৰে পৰা সমাজৰ সকলো শ্ৰেণীৰ লোকৰ কল্যাণৰ বাবে সময়ে সময়ে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে। কোনো যোগ্য হিতাধিকাৰী যাতে এই আঁচনিৰ পৰা বঞ্চিত নহয় তাৰ বাবে চৰকাৰী বিষয়াসকলক সতৰ্কতাৰে কাম কৰিবলৈ তেওঁ আহ্বান জনায়। মন্ত্ৰীগৰাকীয়ে লগতে কয় যে অহা ডিচেম্বৰ মাহৰ ভিতৰত নতুন হিতাধিকাৰীসকলে ৰেচন কাৰ্ডসমূহো লাভ কৰিব। পূৰ্বৰ ২ লাখ টকাৰ পৰিৱৰ্তে এতিয়া বছৰি ৪ লাখ টকা উপাৰ্জন কৰা মানুহেও ৰেচন কাৰ্ড লাভ কৰিব বুলি তেওঁ কয়। তদুপৰি ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালে ৫ লাখ টকাৰ স্বাস্থ্য বীমাৰে আয়ুস্মান কাৰ্ড লাভ কৰিব। বৰ্তমানৰ চৰকাৰখনে নাৰী সবলীকৰণক অগ্ৰাধিকাৰ দি সমাজ সবলীকৰণৰ হকে কাম কৰি আছে বুলি তেওঁ উল্লেখ কৰে। তেওঁ লগতে মৰিগাঁৱৰ শ্বহীদ তিলক হেমৰাম গুণাভিৰাম অসামৰিক চিকিৎসালয়ত আই চি ইউ কক্ষসহ মহিলা আৰু প্ৰসূতি শাখাটো অহা ১৬ অক্টোবৰত মুকলি কৰা হ’ব বুলিও উল্লেখ কৰে। অনুষ্ঠানত দিয়া ভাষণত মৰিগাঁও সমষ্টিৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে কয় যে অৰুণোদয় আঁচনিখন ৰাজ্যখনৰ দৰিদ্ৰ মহিলাসকলৰ বাবে এটা বৃহৎ সকাহ। তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাই তৃণমূল পৰ্যায়ৰ পৰা প্ৰতিগৰাকী লোকক লগত লৈ ৰাজ্যৰ প্ৰতিখন জিলাক আগবঢ়াই লৈ যোৱাৰ বাবে প্ৰয়াস চলাই আছে। অনুষ্ঠানত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই দিয়া আদৰণী ভাষণত কয় যে যদি কোনোবা যোগ্য হিতাধিকাৰীৰ নাম বাদ পৰিছে তেওঁলোক শংকিত হোৱাৰ কাৰণ নাই। পৰৱৰ্তী সময়ত তেওঁলোকৰ নামো তালিকাত অন্তৰ্ভুক্ত হ’ব। অনুষ্ঠানত তিৱা স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া জীৱন চন্দ্ৰ কোঁৱৰ, আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, মৰিগাঁও পৌৰ সভাৰ পৌৰ পতি যোগেশ তামুলী, জিলা উন্নয়ন আয়ুক্ত দেৱযানী চৌধুৰী আৰু ভালেসংখ্যক বিশিষ্ট ব্যক্তি তথা ৰাইজ উপস্থিত আছিল।
প্ৰেৰক প্ৰাঞ্জল দাস