নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মালবাহী নাওৰ পৰা জব্দ বৃহৎ পৰিমাণৰ চেনি

🔹 ধুবুৰীৰ যোগমায়া পাৰঘাটত সীমা শুল্ক বিভাগ-সীমান্ত সুৰক্ষা বাহিনীৰ অভিযান

🔹 বৰলুইতেৰে বাংলাদেশলৈ চোৰাংকৈ চেনিৰ বস্তা সৰবৰাহৰ সন্দেহ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : আজি পুৱা ধুবুৰী চহৰৰ বৰলুইতৰ যোগমায়া পাৰঘাটত সীমা শুল্ক বিভাগ আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে চলোৱা এক যৌথ অভিযানত এখন ইঞ্জিনচালিত মালবাহী নাওৰ পৰা প্ৰায় ৫শ বস্তা চেনি জব্দ কৰা বুলি জানিব পৰা গৈছে। জব্দ কৰা উক্ত চেনি চোৰাংকৈ নদীপথেৰে বাংলাদেশলৈ পঠিওৱা হ’লহেঁতেন বুলি সন্দেহ প্ৰকাশ কৰিছে শুল্ক বিভাগে। আনকি প্ৰায়ে বাংলাদেশলৈ চোৰাংকৈ সামগ্ৰী গৈ থকা বুলিও তাৎপৰ্যপূৰ্ণ এক মন্তব্য কৰা দেখা যায় অভিযানকাৰী দলটোৰ বিষয়া এগৰাকীয়ে। উল্লেখ্য যে কেৱল চেনিয়েই নহয়, নিমখ-চাউলকে ধৰি অন্যান্য বিভিন্ন সামগ্ৰী ধুবুৰীৰ বৰলুইতৰ বিভিন্ন পাৰঘাটৰ পৰা চোৰাংকৈ বাংলাদেশলৈ নদীপথেদি প্ৰেৰণ হৈ থকাৰ দীৰ্ঘদিনীয়া অভিযোগ আছে। আজি নদীপথেদি বাংলাদেশলৈ প্ৰেৰণ কৰিবলৈ লোৱাৰ পথত জব্দ হোৱা চেনিৰ বস্তাবোৰে সেই অভিযোগৰ সত্যতা প্ৰতিষ্ঠিত কৰা বুলি আঙুলিয়াই দিয়াৰ সমান্তৰালকৈ বাংলাদেশলৈ চোৰাংকৈ বিভিন্ন সামগ্ৰী প্ৰেৰণ কৰা সৰবৰাহকাৰী চক্ৰটোৰ সৈতে ধুবুৰীৰ স্থানীয় কেইবাগৰাকী ব্যৱসায়ীও জড়িত থকাৰ সম্ভাৱনা থকা বুলিও সন্দেহ প্ৰকাশ কৰিছে ভু ৰখা মহলে।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like