নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গছৰ শুকান ঠাল-শিপাৰে দেৱী দুৰ্গাৰ প্ৰতিমা নিৰ্মাণ শিল্পী প্ৰদীপ কুমাৰ ঘোষৰ

নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰ : সমাগত দুৰ্গাপূজাত অনন্য এক দুৰ্গা প্ৰতিমাৰে আলোড়িত কৰিবলৈ ওলাইছে ধুবুৰীৰ শিল্পী প্ৰদীপ কুমাৰ ঘোষে। বিভিন্ন গছৰ শুকান ঠাল আৰু গছৰ শিপাৰে ঘোষৰ দুৰ্গা প্ৰতিমা ইতিমধ্যে এক আলোচ্য বিষয় হৈ পৰিছে শিল্প অনুৰাগীৰ মাজত। প্ৰায় ৬ ফুট উচ্চতা আৰু ৪ ফুট বহল মহিষমৰ্দিনীকে ধৰি দেৱী লক্ষ্মী, সৰস্বতী, গণেশ আৰু কাৰ্তিকৰ “একচালা শৈলী”ৰ এই প্ৰতিমাটোৰ নিৰ্মাণ সম্পূর্ণ হ’বলৈ আৰু দুদিন মান লাগিব বুলি জনাইছে শিল্পীগৰাকীয়ে। বিগত এপ্ৰিল মাহৰ পৰা নিৰ্মাণ আৰম্ভ কৰা এই দুৰ্গা প্ৰতিমাটো “দেৱীবৃক্ষ” নামেৰে আখ্যায়িত কৰিছে শিল্পী ঘোষে। শিল্পীগৰাকীয়ে প্ৰকৃতি আৰু মানৱ জীৱনৰ মাজত থকা ওতপ্ৰোত সম্পৰ্ক তথা বৃক্ষই যে মানৱ সভ্যতাৰ জীৱন ৰেখাস্বৰূপ, সেই বিশেষ দিশটো দাঙি ধৰিবলৈ “দেৱীবৃক্ষ” নিৰ্মাণ কৰা বুলি জনাইছে। উল্লেখ্য যে পেছাত গৃহ শিক্ষক প্ৰদীপ ঘোষ নামৰ শিল্পীগৰাকীয়ে ১৯৯২ চনৰ পৰাই  অভিনৱ সামগ্ৰীৰে দুৰ্গা প্ৰতিমা গঢ়ি  ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে৷ এইবেলি তেওঁ নিৰ্মাণ কৰা এই বিশেষ দুৰ্গা প্ৰতিমাটো ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেলপথাৰৰ ঐতিহ্যবাহী সবুজ সংঘৰ পূজা মণ্ডপত প্ৰদৰ্শনৰ বাবে ৰখা হ’ব বুলি প্ৰকাশ।

প্ৰেৰক অমিতাভ চক্ৰৱৰ্তী

You might also like