নিয়মীয়া বাৰ্তা, ১২ অক্টোবৰঃ অসম আৰক্ষীৰ নাক-কাণ কটা যোৱা বজালী আৰক্ষীৰ ধনদাবী কাণ্ড সন্দৰ্ভত আৰু দুজন লোকক আটক কৰিছে চিআইডিৰ দলে৷ আটক কৰা লোক দুজন ক্ৰমে ছাদেক্কাছ আলী আৰু দিলবৰ হুছেইন বুলি জানিব পৰা গৈছে৷ কালি বজালীৰ ভিন্ন প্ৰান্তত চি আই ডিয়ে গোপনে অভিযান চলাই আটক কৰে দুয়োজনক৷ আটক কৰা ছাদেক্কাছ আলী ইতিমধ্যে চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা ভবানীপুৰ আৰক্ষী চকীৰ তদানীন্তন ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰিৰ অতি ঘনিষ্ঠ আছিল৷ উল্লেখ্য যে ভৱানীপুৰ থানাৰ এটা নাম থকা দালাল হিচাপে পৰিচিত আছিল ছাদেক্কাছ আলী৷ আনহাতে আনগৰাকী আটকাধীন অভিযুক্ত দিলবৰ হুছেইন আছিল চি আই ডিয়ে গ্ৰেপ্তাৰ কৰা দালাল কিশোৰ বৰুৱা আৰু বজালী আৰক্ষীৰ তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ লিংকমেন৷ ইতিমধ্যে চি আই ডিৰ জেৰাত এই কথা গায়ত্ৰী সোনোৱালে স্বীকাৰ কৰিছে বুলি জানিব পৰা গৈছে৷ আৰু ইয়াৰ ভিত্তিতে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগে গোপন অভিযান চলাই দুয়োকে আটক কৰি চি আই ডিৰ গুৱাহাটীৰ কাৰ্যালয়ত জেৰা অব্যাহত ৰাখিছে বুলি এটা সুত্ৰৰ পৰা জানিব পৰা গৈছে৷ উল্লেখ্য যে অসম আৰক্ষীৰ ইতিহাসতে এক ক’লা অধ্যায় হিচাপে চিহ্নিত হোৱা বজালী আৰক্ষী কাণ্ডৰ সমগ্ৰ ঘটনাত চি ডিৰ হাতত ইতিমধ্যে গ্ৰেপ্তাৰ হৈছে তদানীন্তন বজালীৰ আৰক্ষী অধীক্ষক সিদ্ধাৰ্থ বুঢ়াগোহাঁই, উপ আৰক্ষী অধীক্ষক(সদৰ) পুষ্কল গগৈ, ভৱানীপুৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিৎ গিৰি, বজালী জিলাৰ পূৰ্বৰ উপ-আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱালৰ ব্যক্তিগত নিৰাপত্তাৰক্ষী ইনজামামুল হুছেইন, বজালী আৰক্ষী অধীক্ষকৰ গাড়ী চালক দীপজয় ৰয়, অংশকালীন গাড়ীচালক নবিড় আহমেদ, তদানীন্তন অতিৰিক্ত আৰক্ষী অধীক্ষক গায়ত্ৰী সোণোৱাল আৰু তেওঁৰ স্বামী ববী সিঙৰ ওৰফে সুভাষ চান্দেৰ, মধ্যভোগী কিশোৰ বৰুৱা আৰু শ্বহিদুল ইছলামকে ধৰি কেবাজনো লোক৷ ইয়াৰোপৰি এই সমগ্ৰ কাণ্ডটোত চি আই ডিয়ে কেবা কোটি নগদ ধন উদ্ধাৰ কৰাৰ লগতে লেপটপ, আইপেড, মোবাইল ফোনকে আদি কৰি বহু আপত্তিজনক নথিপত্ৰও জব্দ কৰিছে৷ উল্লেখ্য যে “জনহিত জনসেৱাৰ্থে” বাণীৰে অসমৰ ৰাইজক সুৰক্ষা দিয়াৰ শপত গ্ৰহণ কৰা অসম আৰক্ষীয়ে বজালীত যেন উদক ভেটা ৰখীয়া পাতিছিল৷ অসম আৰক্ষীক লজ্জানত কৰা এই ঘটনা পোহৰলৈ আহিছিল যোৱা ৩১ আগষ্টত৷ তাৰ পিছত চি আই ডিয়ে ধাৰাবাহিক অভিযান চলাই আটক কৰিছিল ইজনৰ পিছত সিজনকৈ আৰক্ষীৰ বিষয়া, কৰ্মচাৰী তথা দালাল৷
প্ৰেৰক কল্যাণ কলিতা৷